অসম

assam

By

Published : Sep 7, 2019, 11:22 PM IST

ETV Bharat / state

জনীয়াৰ উপনিবাৰ্চনক লৈ তৎপৰ কংগ্ৰেছ দল

জনীয়াৰ উপনিৰ্বাচনক আগত ৰাখি কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই  বুথ, মণ্ডল, ব্লক পৰ্যায়ৰ দলীয় নেতাসকলক লৈ অনুষ্ঠিত কৰে কৰ্মীসভা ৷

জনীয়াৰ উপনিবাৰ্চনক লৈ তৎপৰ কংগ্ৰেছ দল

জনীয়া, 7 ছেপ্তেম্বৰ : ৰাজ্যত খালী হৈ থকা বিধানসভা সমষ্টিসমুহৰ উপ নিৰ্বাচন কেতিয়ালৈ অনুষ্ঠিত হ'ব সেই সম্পৰ্কে ৰাজ্যিক নিৰ্বাচন আয়োগে এতিয়াও চূড়ান্ত তাৰিখ ঘোষনা কৰা নাই যদিও উপ নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজনৈতিক দলসমূহে ৷ এই ক্ষেত্ৰত জনীয়াৰ উপ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছ দলে ৷ উপ নিৰ্বাচনক লৈ দলীয় কৰ্মীসকল যাতে ৰণক্ষেত্ৰত নামি পৰে তাৰবাবেই শণিবাৰে বৰপেটাৰ জনীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অনুষ্ঠিত কৰে কৰ্মীসভা ৷ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সাংগঠনিক দিশ সম্পৰ্কে বুথ, মণ্ডল, ব্লক পৰ্যায়ৰ দলীয় নেতাসকলক লৈ অনুষ্ঠিত কৰে কৰ্মীসভাখন ৷ ইয়াৰ পিচতেই বৰপেটাত উপস্থিত হৈ ৰিপুন বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে জনীয়াৰ উপ নিৰ্বাচনত কাক প্ৰদান কৰা হব দলীয় প্ৰাৰ্থীত্ব, সেই সম্পৰ্কে দলে এতিয়ালৈ লোৱা নাই কোনো সিদ্ধান্ত ৷ অবশ্যে উপ নিৰ্বাচনত স্থানীয় লোকেই প্ৰাৰ্থীত্ব পোৱাটো নিশ্চিত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ লগতে সভাখনত কংগ্ৰছ সভাপতি গৰাকীয়ে বিজেপি দলক সমালোচনা কৰি কয় যে জনীয়াত বিজেপিয়ে টকাৰ বলতহে সাংগঠনিক কাম কাজ চলাই আছে ৷

জনীয়াৰ উপনিবাৰ্চনক লৈ তৎপৰ কংগ্ৰেছ দল
উল্লেখযোগ্য যে এন আৰ চিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ পৰস্পৰ বিৰোধী মন্তব্যৰ পিচত আজি কংগ্ৰেছ সভাপতি ৰিপুন বৰাই আবিদুল খালেকৰ মন্তব্যৰ পক্ষত লয় ৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এন আৰ চিখনক পেলনীয়া কাগজ বুলি মন্তব্য কৰাৰ বিপৰীতে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে তৰুণ গগৈৰ মন্তব্যৰ বিৰোধিতা কৰি নাগৰিকপঞ্জীখনক ঐতিহাসিক দলিল হিচাপে অভিহিত কৰিছিল ৷ শণিবাৰে বৰপেটাত ঠিয় হৈ ৰিপুন বৰায়ো আব্দুল খালেকৰ পক্ষ গ্ৰহণ কৰি সেয়া তৰুণ গগৈৰ ব্যক্তিগত মত বুলি অভিহিত কৰে ৷

For All Latest Updates

TAGGED:

ripun borah

ABOUT THE AUTHOR

...view details