জনীয়া, 9 মে': সমাগত পৱিত্ৰ ঈদ উল ফিতৰ ৷ এই উপলক্ষে বৰপেটা জিলাৰ দাৱনদিয়া ছচিঅ' ইকনমিক ডেভেলপমেণ্ট এছ’চিয়েচনে লৈছে প্ৰশংসনীয় পদক্ষেপ ৷ স্বেচ্ছাসেৱী সংগঠন কৰ্মকৰ্তা সকলে দেওবাৰে টাপেশ্বৰা গাঁও পঞ্চায়ত শতাধিক দুখীয়া পৰিয়ালৰ মাজত চাউল, চেনি, চাবোন, তেল, ছাৰ্ফ আৰু মাক্স বিতৰণ কৰে ৷
বৰপেটাত ঈদ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ - relief distribution by ngo
বৰপেটাত ঈদ উপলক্ষে দাৱনদিয়া ছচিঅ' ইকনমিক ডেভেলপমেণ্ট এছ’চিয়েচনৰ খাদ্য সামগ্ৰী বিতৰণ ৷ শতাধিক দুখীয়া পৰিয়ালৰ মাজত চাউল, চেনি, চাবোন, তেল, ছাৰ্ফ আৰু মাক্স বিতৰণ স্বেচ্ছাসেৱী সংগঠনটোৰ ৷
বৰপেটাত ঈদ উপলক্ষে এন জি অৰ খাদ্য সামগ্ৰী বিতৰণ
ইয়াৰ পূৰ্বেও স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা বিভিন্ন সময়ত জনহিতমূলক কাম কৰা বুলি জানিব পৰা গৈছে । স্বেচ্ছাসেৱী সংগঠনটোৰ এনে পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :ক’ভিড ১৯ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি: এজাহাৰ দাখিল