অসম

assam

ETV Bharat / state

বৰপেটাত বন্যাৰ্তক খাদ্য সামগ্ৰী বিতৰণ ৰাম সেনাৰ

খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সমস্যাত পৰা বানাক্ৰান্ত লোক সকলক সহায় কৰা উদ্দেশ্যে বৰপেটাত উপস্থিত হয় ৰাম সেনা ৷ শতাধিক বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰে চাউল,দাইল,আলুকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী ৷

By

Published : Jul 27, 2020, 5:36 PM IST

Relief Distribute by Ram Sena At Barpeta
বৰপেটাত বন্যাৰ্তক খাদ্য সামগ্ৰী বিতৰণ ৰাম সেনাৰ

বৰপেটা, ২৭ জুলাইঃ ৰাজ্যত দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঠিক একেদৰে বৰপেটাতো প্ৰলয়ংকৰী বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উক্ত বানত লোক সকলৰ ঘৰ-দুৱাৰ,কৃষি ভূমিৰ লগতে হাজাৰ হাজাৰ পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইতিমধ্যে বানাক্ৰান্ত লোকসকলৰ ঘৰ দুৱাৰৰ ক্ষতি হোৱাত বহু লোকে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইফালে আশ্ৰয় শিবিৰত থকা লোক সকলৰ খোৱা খাদ্য সামগ্ৰীকে ধৰি বহু সমস্যাত পৰিবলগা হৈছে ৷

বৰপেটাত বন্যাৰ্তক খাদ্য সামগ্ৰী বিতৰণ ৰাম সেনাৰ

ইফালে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহে ৰাম সেনা ৷ ৰাজ্যখনৰ প্ৰায় সকলোবোৰ জিলাতেই ৰাম সেনাই বান সাহায্য বিতৰণৰ বাবে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ সেই অনুসৰি বৰপেটাৰ বিভিন্ন প্ৰান্তৰ আশ্ৰয় শিবিৰ সমুহত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত লোকসকলৰ বাবে সোমবাৰে চাউল,দাইলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে সংগঠনটোৰ সদস্য সকলে ৷

ৰাম সেনাই বৰপেটা চহৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ আশ্ৰয় শিবিৰত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি সংগঠনটোৰ সদস্য সকলে সাংবাদিকৰ আগত সদৰি কৰে ৷ ৰাম সেনাই বন্যাৰ্ত লোকসকলৰ প্ৰতি আগবঢ়োৱা সহায় সহযোগৰ বাবে শলাগ লৈছে বানত ক্ষতিগ্ৰস্ত ৰাইজে ৷

লগতে পঢ়ক- পানীৰ মাজৰ জৰাজীৰ্ণ জুপুৰীত আবদ্ধ এটা পৰিয়াল

ABOUT THE AUTHOR

...view details