অসম

assam

By

Published : Jul 30, 2021, 8:25 AM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীক সমালোচনা কৰা সকল দেশৰ বিশ্বাসঘাতক : জয়ন্ত মল্ল বৰুৱা

মিজো আৰক্ষীৰ (mizo police) গুলীত নিহত শ্বহীদ জোৱান নামমূল হকৰ বৰপেটাৰ কদমগুৰি গাঁৱৰ ঘৰত উপস্থিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা ৷

ranoj-pegu-and-jayanta-mall-at-swahid-jowan-house-in-barpeta
শ্বহীদ জোৱান নামমূল হকৰ বাসগৃহত উপস্থিত শিক্ষা মন্ত্ৰী আৰু জয়ন্তমল্ল বৰুৱা

বৰপেটা, ২৯ জুলাই :বৃহস্পতিবাৰে অসম-মিজোৰাম (ASSAM-MIZORAM) সীমা সংঘাতত মিজো আৰক্ষীৰ গুলিত নিহত শ্বহীদ জোৱান নামমূল হকৰ বৰপেটাৰ কদমগুৰি গাঁৱৰ ঘৰত উপস্থিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু(ranoj pegu)আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা (jayanta malla baruah) ৷ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু জয়ন্তমল্ল বৰুৱাই শ্বহীদ জোৱান গৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৷ লগতে জোৱানজনৰ পত্নীৰ হাতত ৰাজ্য চৰকাৰে ঘোষণা কৰা ৫০ লাখ টকাৰ সাহায্যৰ চেক এখন প্ৰদান কৰে ৷

পৰিয়ালটোৰ সমস্যাৰ ক্ষেত্ৰত জিলা উপায়ুক্তই খবৰ ৰাখিব বুলিও মন্তব্য কৰে চৰকাৰ প্ৰতিনিধি গৰাকীয়ে ৷ ইপিনে মিজোৰামৰে হোৱা সীমা সংঘাতক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (himnta biswa sarma) লোৱা পদক্ষেপৰ বিৰুদ্ধে হোৱা সমালোচনাৰ প্ৰত্যুত্তৰদি মুখ্যমন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কৰে জয়ন্তমল্ল বৰুৱাই ৷ অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত স্বাধীনতাৰ পিচত ড৹ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী যিজনে সীমাত ঠিয় হৈ এক ইঞ্চিও মাটি এৰি নিদিয়াকৈ জোৱানসকলক সাহসদি ৰাখিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাই ৷

শ্বহীদ জোৱান নামমূল হকৰ বাসগৃহত উপস্থিত শিক্ষা মন্ত্ৰী আৰু জয়ন্তমল্ল বৰুৱা

তেনে এগৰাকী মুখ্যমন্ত্ৰীক সকলোৱে প্ৰশংসা কৰিব লাগে আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰা সকল দেশৰ বিশ্বাসঘাতক আৰু দেশৰ বেয়া কামনা কৰা লোক বুলিও অভিহিত জয়ন্তমল্ল বৰুৱাই ৷ একেদৰে মাতৃভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ জোৱান প্ৰস্তুত আছে আৰু তাৰ বাবে কাম কৰিবলৈ চৰকাৰ প্ৰস্তুত আছে বুলি উল্লেখ কৰে জয়ন্তমল্ল বৰুৱাই ৷

এনে সংকটৰ সময়ত সকলো অসমীয়া একলগ হ’ব লাগে ৷ এতিয়া ৰাজনীতি কৰাৰ সময় নহয় বুলি মন্তব্য কৰি যিসকল ৰাজনৈতিক দলে ৰাজনৈতিক কথা বতৰা কৈ আছে তেনে লোকসকলৰ দৰে দেশক বিশ্বাসঘাতকতা কৰা কোনো নাই বুলিও মন্তব্য কৰে বিধায়কজনে ৷ ইপিনে মিজোসকলৰ স্থিতি আৰু মিজো সাংসদ এগৰাকীৰ মন্তব্যৰ সম্পৰ্কত জয়ন্তমল্ল বৰুৱাই কয় যে, অসমে জ্যেষ্ঠ ভাতৃৰ সংযম আৰু দায়িত্ব পালন কৰিব ৷ মুখ্যমন্ত্ৰীৰ দৰে অসমৰ এক ইঞ্চি ভূমিও এৰি নিদিয়াৰ সংকল্পৰ কথা দোহাৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাগৰাকীয়ে ৷

লগতে পঢ়কঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

ABOUT THE AUTHOR

...view details