বৰপেটা,২৮ আগষ্ট:উজনি ত্যাগ কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰপেটাত পদাৰ্পণ কৰি প্ৰথম বাস কৰা ঠাইখিনি আছিল বৰপেটাৰ চিনপৰা ভিঠি ৷ বৰপেটাৰ এই ঠাইখিনিৰ শুভ চিন দেখি নাও চপাই ৬ মাহ কাল বাস কৰা আৰু পিচলৈ চিনপৰা ভিঠি থানৰূপে প্ৰসিদ্ধ হৈ পৰা থানখনে পাঁচশ বছৰে গুৰুজনাৰ বৰপেটা আগমনৰ স্মৃতিকেই সোঁৱৰাই আহিছে ৷
গুৰুজনাৰ স্মৃতি বিজৰিত সত্ৰনগৰী বৰপেটাৰ চিনপৰা ভিঠি থানখনৰ উন্নয়ণৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Development of Chinpara Bhithi Than) ৷ মন্ত্ৰীগৰাকীয়ে শনিবাৰে চিনপৰা ভিঠি থানখনৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে থানখনত সৌৰচাকি আৰু বিজুলী চাকিৰ ব্যৱস্থা কৰে(Provision of solar lamps and electric lamps) ৷