অসম

assam

ETV Bharat / state

সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন - Bihu in barpeta satra

চৌদিশে ৰঙালীৰ ৰঙ । পহিলা ব'হাগত মানুহৰ বিহু বা বৰ বিহু উদযাপন কৰিছে অসমবাসীয়ে(Rangali Bihu 2022) । বছৰটো কুশলে যাবলৈ সত্ৰ-নামঘৰ-মন্দিৰত ভিৰ কৰিছে ভক্তই । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহু ।

rangali bihu celebration in barpeta
সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে বৰপেটা সত্ৰত ব'হাগ বিহু পালন

By

Published : Apr 15, 2022, 1:42 PM IST

বৰপেটা, ১৫ এপ্ৰিল: আজি পহিলা ব'হাগ । অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু(Rangali Bihu 2022) । চৌদিশ মুখৰিত ঢোল-পেঁপা গগনাৰ মাতত । কঁকাল ঘূৰাই এপাক নাচিছে সকলোৱে । ব্যতিক্ৰম নহয় বৰপেটা ।

বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰিক(Bihu in Barpeta Satra) । বৰপেটাত ঢোল পেঁপা গগনা বিহু নামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পৰিশীলিত ৰূপত পালন কৰা হয় ব'হাগ বিহু ৷ বৰপেটাত স্থানীয় ভাষাত ব'হাগ বিহুক কোৱা হয় বৈহাগ'ৰ দোমাহি ৷

সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে বৰপেটা সত্ৰত ব'হাগ বিহু পালন

চ'তৰ সংক্ৰান্তিৰ পৰা সাতদিন জুৰি পালন কৰা বৈহাগ’ৰ দোমাহিৰ আজি পহিলা ব’হাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহি ৷ বৰ দোমাহি উপলক্ষে সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভিৰ কৰিছে ৷ পুৱা নাম-প্ৰসংগৰ পিছত সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজায় ৷

হৰিনামৰ অমিয়া সুৰ, গায়ন বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ । পহিলা ব’হাগৰ দিনটোত সত্ৰত আঠুলৈ গুৰু দুজনাৰ আৰ্শীষ প্ৰাৰ্থনা কৰিছে ভক্তসকলে ৷

পুৱাৰ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হ’ব ৷ সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গণনা শুনিবলৈ শুকুৰবাৰে সত্ৰখনত সমবেত হ’ব বৰপেটাৰ প্ৰতিজন লোক ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গণনাৰ পিচতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হ‘ব বৰ্ষফল গণনা ৷

লগতে পঢ়ক:Rangali bihu in Assam: ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে উদযাপন বোকাখেল

ABOUT THE AUTHOR

...view details