জনীয়া,25ছেপ্টেম্বৰ : এগৰাকী নাবালিকাক নিচাযুক্ত দ্ৰব্য খুৱাই বিক্ৰী কৰাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে বৰপেটা জিলাৰ কলগাছিয়া অঞ্চল ৷ উত্তেজিত ৰাইজে দোষীৰ শাস্তি বিচাৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল কলগাছিয়া প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় 7মাহ পূৰ্বে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী নাবালিকাক নিচাযুক্ত দ্ৰব্য খুৱাই অঞ্চলটোৰ দুই যুৱক ছফিকুল ইছলাম আৰু ৰবিয়াল হকে বিক্ৰী কৰিছিল ৰাজস্থানৰ হমীনপুৰত ৷ গাঁওখনৰ আন দুগৰাকী ছোৱালী আজমিনা আৰু আচমিনাৰ সহযোগত দুই লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালৰ ৷ নাবালিকা গৰাকী নোহোৱা হোৱাৰ পাছতেই পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰি আৰক্ষীৰ সহযোগত ৰাজস্থানৰ পৰা ছোৱালী জনীক উদ্ধাৰ কৰে ৷
নাবালিকা গৰাকী উদ্ধাৰ হোৱাৰ পাছতেই পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত বৰভিটা আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ ৷ কিন্তু আৰক্ষীয়ে বৰ্তমালৈকে ধৃত লোক দুজনক গ্ৰেপ্তাৰ নকৰে ৷ যাৰ বাবে ভুক্তভোগী পৰিয়ালটিৰ লগতে অঞ্চলবাসী ক্ষোভিত হৈ পৰে আৰু খাটাৰটাৰী বজাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে 'নাৰী সৰহৰাহকাৰীক গ্ৰেপ্তাৰ কৰক','আৰক্ষী প্ৰসাশন হায় হায়', আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ৷ অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি নিদিলে প্ৰতিবাদ অতি তীব্ৰতৰ কৰাৰ হুংকাৰ নাবালিকা গৰাকীৰ পৰিয়ালৰ লোক তথা প্ৰতিবাদকাৰীসকলৰ ৷
অন্য এক খবৰৰ বাবে: বৰপেটাত ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী