জনীয়া, 4 জানুৱাৰী:সৰ্থেবাৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Conflict over land dispute in Kalgachia) ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া নদীৰ পামত সংঘটিত ভয়ংকৰ মাৰপিটৰ ঘটনাত এগৰাকী গৰ্ভৱতীকে ধৰি তিনিগৰাকী মহিলা আহত হৈছে ৷ গৰ্ভৱতী মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 31 জানুৱাৰীত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া নদীৰ পাম গাঁৱত আশ্ৰাফুল আলী নামৰ এজন লোকৰ বাসগৃহত একেখন গাঁৱৰে তেওঁলোকৰ খুৰাকহঁতৰ এটা দলে আহি অতৰ্কিতে আক্ৰমণ কৰে (Kalgachia Beating Incident) ৷ আক্ৰমণকাৰী দলটোৱে বাসগৃহটোৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰাত আশ্ৰাফুলৰ দুই ভগ্নীয়ে ইয়াক লৈ বাধা প্ৰদান কৰাত দলটোৱে দুয়োগৰাকীকে নিৰ্মভাৱে প্ৰহাৰ কৰে ৷
ইয়াৰে আশ্ৰাফুলৰ এগৰাকী ভগ্নী ছানিয়াৰা বেগম দুমহীয়া অন্তঃসত্বা আছিল ৷ দলটোৱে ছানিয়াৰা বেগমক কাঠৰ বাটামেৰে শৰীৰৰ বিভিন্ন অংগত প্ৰহাৰ কৰাৰ লগতে কোবাই দুখন হাত আৰু এখন ভৰি ভাঙি পেলায় (Pregnant woman beaten up)। ইফালে লাকিয়াৰা বেগম নামৰ আনগৰাকী মহিলাকো খেদি খেদি প্ৰহাৰ কৰি ঘৰতে পেলাই থৈ যায় ৷ এই ঘটনাৰ সময়ত চুবুৰীয়া এঘৰত থকা আশ্ৰাফুলৰ মাতৃয়ে ঘৰলৈ আহি দলটোৰ আক্ৰমণ প্ৰত্যক্ষ কৰি বাধা দিবলৈ যাওতে তেওঁকো প্ৰহাৰ কৰে দলটোৱে ৷
আনহাতে এই সমগ্ৰ ঘটনাৰ কথা অৱগত হৈ ওচৰ চুবুৰীয়া লোকসকল সেই স্থানত উপস্থিত হয় যদিও কোনেও এই আক্ৰমণত বাধা আৰোপ কৰিবলৈ আগুৱাই নহা বুলি ভোক্তভোগী পৰিয়ালটোৰ সদস্যই জানিবলৈ দিয়ে ৷ পৰিয়ালটোৰ অভিযোগ, আক্ৰমণকাৰী দলটোৱে আক্ৰমণতে ক্ষান্ত নাথাকি আশ্ৰাফুলহঁতৰ ঘৰৰ বহু মূল্যৱান সামগ্ৰীকে ধৰি মাটিৰ কাগজ-পত্ৰ আদি লুট পাট কৰি লৈ যায় ৷ দলটোৱে নগদ ৭০ হাজাৰ টকা আৰু সোণৰ আ-অলংকাৰ লৈ যোৱাৰ লগতে পৰিয়ালটোক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে (Three injured in Beating Incident)।