জনিয়া, 25 এপ্ৰিল : জনিয়া সমষ্টিৰ অন্তৰ্গত বহু অঞ্চলত বাট-পথৰ দুৰৱস্থা(Poor road condition at Balikuri NC Village)ই ক্ষুব্ধ কৰি তুলিছে সাধাৰণ জনতাক ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনতা বজাৰৰ পৰা সাওঁৰাচৰা হৈ মইনবড়ীলৈ যোৱা খোদ গড়কাপ্তানি পথতে সৃষ্টি হৈছে একাঁঠুকৈ বোকা । যাৰবাবে দেওবাৰে উক্ত পথেৰে যোৱা যাত্ৰীবাহী বাছ এখন পথৰ মাজতে আৱদ্ধ(Bus stuck for poor condition of Road) হৈ পৰে ৷
জানিব পৰা মতে, উক্ত পথচোৱাৰে দৈনিক আহ-যাহ কৰে শতাধিক লোকে ৷ বিগত প্ৰায় ছমাহ ধৰি পথটো এনেদৰে বোকাময় হৈ থকাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ৷ সম্প্ৰতি পথটোত ভূঁই ৰুব পৰা অৱস্থা হৈছেগৈ ৷ পথটোৰ দুৰৱস্থাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনন্দিন যাতায়াত কৰা লোকসকল ৷