অসম

assam

ETV Bharat / state

বান সাহাৰ্য আনিবলৈ যোৱা দৰিদ্ৰ যুৱকক মাৰধৰ

বৰপেটাৰ সৰুক্ষেত্ৰীৰ ভকুৱাটেপাতত বান সাহাৰ্য আনিবলৈ যোৱা এজন যুৱকক একাংশ লোকে গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ অভিযোগ ৷ ন্যায় প্ৰাপ্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ ৷

poor family who went to fetch flood relief was beaten up in Barpeta
বান সাহাৰ্য আনিবলৈ যোৱা দৰিদ্ৰ যুৱকক মাৰধৰ

By

Published : Jun 22, 2022, 4:38 PM IST

বৰপেটা, 22 জুন :বৰপেটাৰ সৰুক্ষেত্ৰীৰ ভকুৱাটেপাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা ৷ ভকুৱাটেপা গাঁৱত বিতৰণ কৰা চৰকাৰী বান সাহাৰ্য আনিবলৈ যোৱাৰ বাবেই মফিজ আলীৰ পুত্ৰ ফিৰদৌছ আলী নামৰ যুৱকজনক ডিঙি চেপি, বুকুত ঘুটিয়াই একাংশই আক্ৰমণ কৰাৰ অভিযোগ ৷

বান সাহাৰ্য আনিবলৈ যোৱা দৰিদ্ৰ যুৱকক মাৰধৰ

বিশেষকৈ মধ্য পশ্চিম সৰুক্ষেত্ৰী আঞ্চলিক পঞ্চায়ত সদস্য ৰাতুল আলীৰ উচটনিত খইবৰ আলী আৰু অজগৰ আলীয়ে যুৱকজনক মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷ আনকি যুৱকজনৰ খুৰাকে আক্ৰমণক বাধা দিয়াত তেওঁকো গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ পৰিয়ালটোৰ ৷ ইপিনে গাঁওবুঢ়াই বানাক্ৰান্ত পৰিয়ালটোক বান সাহায্য দিবলৈ কয় যদিও গাঁওবুঢ়াৰ নিৰ্দেশকো অমান্য কৰি আঞ্চলিক পঞ্চায়ত সদস্য ৰাতুল আলীয়ে পৰিয়ালটোক বান সাহাৰ্য প্ৰদানত বাধা প্ৰদান কৰে ৷

এগৰাকী পঞ্চায়ত জনপ্ৰতিনিধিৰ এনে কাৰ্যকলৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে, ঘটনা সম্পৰ্কে ভুক্তভোগী পৰিয়ালটোৱে সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়ালৈ অভিযোগ দাখিল কৰিছে ৷ পৰিয়ালটোৰ অভিযোগ- গাঁওবাসীয়ে এঘৰীয়া কৰাৰ বাবেই বান সাহাৰ্য দিয়াতো বাদেই গাঁওখনৰ কোনো দোকানৰ পৰাও সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে ৷ বৰ্তমান ভুক্তভোগী পৰিয়ালটোৱে এইক্ষেত্ৰত ন্যায় প্ৰাপ্তিৰ দাবী জনাইছে ৷

লগতে পঢ়ক :পুনৰ আৰম্ভ মাজুলী-নিমাতি ফেৰীসেৱা

ABOUT THE AUTHOR

...view details