জনীয়া,19 জানুৱাৰী: দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ছটফটাইছে এটি কণমানিয়ে ৷ জানিব পৰা মতে,জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ সাহেব আলী আৰু কহিনুৰ বেগমৰ 4 বছৰীয়া পুত্ৰ শ্বাকিল আহমেদ আক্ৰান্ত হৈছে থেলাছেমিয়া নামৰ এক দুৰাৰোগ্য ৰোগত ৷ কণমানি শ্বাকিল আহমেদক মাহেকত দুই ইউনিটকৈ তেজৰ প্ৰয়োজন হয় যদিও সেইয়া দিবলৈ অসমৰ্থ পিতৃ সাহেব আলী ৷ ঠেলা চলাই কোনোমতে পৰিয়াল পোহপাল দিয়া সাহেব আলীৰ ঘৰত এতিয়া বিৰাজ কৰিছে ঘোৰ অমানিশাই ৷ পুত্ৰ শ্বাকিলৰ চিকিৎসাৰ বাবে গৰু-ছাগলী,হাঁহ-কুকুৰাকে আদি কৰি নিজ পত্নীৰ সমস্ত গহণা পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে ঠেলা চালক সাহেব আলীয়ে ৷
দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃৰ সহায় প্ৰাৰ্থনা - থেলাছেমিয়া
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ছটফটাইছে এটি দেৱশিশুৱে ৷ জনীয়া সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ সাহেব আলী আৰু কহিনুৰ বেগমৰ 4বছৰীয়া পুত্ৰ শ্বাকিল আহমেদ আক্ৰান্ত হৈছে থেলাছেমিয়া নামৰ এক দুৰাৰোগ্য ৰোগত ৷ যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰাশিৰ ৷ সংবাদ মাধ্যমৰ জৰিয়তে সাহেব আলীয়ে বিচাৰিছে এতিয়া ৰাইজৰ সহায় ৷
ইপিনে,চিকিৎসকে পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ প্ৰদান কৰিছে যদিও আৰ্থিকভাৱে জুৰুলা পিতৃয়ে ধনৰ অভাৱত চিকিৎসকৰ ওচৰত নিব পৰা নাই পুত্ৰ শ্বাকিলক ৷ যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া প্ৰয়োজন হৈছে যথেষ্ট ধনৰাশিৰ ৷ সংবাদমাধ্যমৰ জৰিয়তে সাহেব আলীয়ে বিচাৰিছে এতিয়া ৰাইজৰ সহায় ৷ কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰিলে শ্বাকিলৰ মাতৃ কহিনুৰ বেগমৰ 38244693813IFC-SBIN-5091একাউণ্টৰ যোগেদি আৰ্থিকভাৱে সহায় কৰিব পাৰে ৷ তদুপৰি দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে 6003042365নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব বুলিও উল্লেখ কৰে পৰিয়ালৰ লোকে ৷
লগতে পঢ়কঃঅৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন