জনিয়া, ২৮ জুলাই:আছে গৰু নাবাই হাল সেই গৰু থকাতকৈ নথকাই ভাল ! উক্ত বাক্যৰ দৰে পৰিণত হৈছে কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰটো । উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চৰচৰীয়া গাঁৱত ২০১১ চনত তদানীন্তন বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে এটা উপ স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু আধাৰশিলা স্থাপনৰ প্ৰায় ১২ বছৰ উকলি যোৱাৰ পাচতো আজিলৈ ৰাইজৰ সেৱাত উচৰ্গিত নহ’ল উপ স্বাস্থ্যকেন্দ্ৰটো ।
অভিযোগ অনুসৰি, বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে গৃহটো অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থৈ ঠিকাদাৰ গুচি যোৱাৰ ফলত ভূত বাংলাত পৰিণত হৈছে চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰটো । সম্প্ৰতি স্বাস্থ্যসেৱাৰ পৰিৱৰ্তে হাবি, জংঘল, সাপ, ভেকুলী আৰু মৌ-মাখিৰ বাসস্থান হৈ পৰিছে স্বাস্থ্যকেন্দ্ৰটো । একাংশ ৰাইজৰ অভিযোগ অনুসৰি জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো তেওঁলোকে এই ক্ষেত্ৰত কোনো কানসাৰ দিয়া নাই ।