অসম

assam

ETV Bharat / state

Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা ৷ বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ বাক্সাৰ গোৱৰ্ধনা থানাৰ আৰক্ষীৰ গুলীত আহত হৈছে বিছা মিঞা নামৰ এটা ড্ৰাগছ ব্যৱসায়ী ৷ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী বিছা মিঞা বৰ্তমান বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে (Encounter in Barpetaroad) ৷

Police shoot at drug dealers in Barpetaroad
বৰপেটাত এনকাউন্টাৰ

By

Published : Feb 7, 2023, 12:33 PM IST

বৰপেটাত এনকাউন্টাৰ

বৰপেটাৰোড, 7 ফেব্ৰুৱাৰী: শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে জি পি সিঙে (IPS GP Singh) ৷ 31 জানুৱাৰীত অসম আৰক্ষীৰ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (IPS Bhaskar Jyoti Mahanta Retired) আনুষ্ঠানিকভাবে নৱনিযুক্ত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক দায়িত্বভাৰ অৰ্পণ কৰিছিল ৷

আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰাৰ এদিন পূৰ্বে গোৱালপাৰা জিলাৰ দুধনৈত উপস্থিত হৈ অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ লগতে ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে প্ৰয়োজনত এনকাউণ্টাৰ অব্যাহত থকাৰ ইংগিত প্ৰদান কৰিছিল জি পি সিঙে ৷ কথা মতেই যেন কাৰ্যত পৰিণত হ’ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ মন্তব্য ৷ কিয়নো দায়িত্বভাৰ গ্ৰহণ কৰাৰ দিনাই তেখেতৰ কাৰ্যকালত ৰাজ্যত সংঘটিত হৈছিল প্ৰথমটো এনকাউণ্টাৰ (Encounter in Assam) ৷

নগাঁও জিলাৰ ডবকাত সংঘটিত হৈছিল এই এনকাউন্টাৰটো ৷ ড্ৰাগছ ব্যৱসীয়ালৈ লক্ষ্য কৰি গুলী কৰিছিল আৰক্ষীয়ে (Encounter at Dabaka) ৷ আৰক্ষীৰ গুলীত আহত হৈছিল শ্বৰিফ উদ্দিন নামৰ এটা ড্ৰাগছ ব্যৱসায়ী (Dabaka Police firing to drugs supplier) ৷ শেহতীয়াকৈ ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এটা এনকাউন্টাৰৰ ঘটনা ৷ এইবাৰৰ স্থান বৰপেটাৰোড ৷

বৰপেটাৰোডৰ মাজগাঁৱত ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি চালনা (Police shoot suspected drug dealer in Barpetaroad) ৷ বাক্সাৰ গোৱৰ্ধনা থানাৰ আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ ব্যৱসায়ীটো ৷ গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটোৰ নাম বিছা মিঞা বুলি জানিব পৰা গৈছে ৷ ঘৰ বৰপেটাৰ ভালুকী গাঁৱত ৷ গুলীবিদ্ধ ড্ৰাগছ ব্যসায়ীটোক প্ৰথমতে বৰপেটাৰোড F R U ত ভৰ্তি কৰোৱা হয় যদিও পিছত সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে F R U ৰ চিকিৎসকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বাক্সাৰ গোৱৰ্ধনা আৰক্ষীয়ে বৰপেটাৰোডৰ মাজগাঁৱত অভিযান চলাইছিল ৷ AS 01 FH 8312 নম্বৰৰ এখন BALENO বাহনত অভিযান চলাই বিশা মিঞা, ইনামুল হক আৰু বিল্লাল হুছেইন নামৰ তিনি ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ ইয়াৰে আটকাধীন তিনি ড্ৰাগছ ব্যৱসায়ীৰ এজন অৰ্থাৎ বিছা মিঞা নামৰ ড্ৰাগছ ব্যৱসায়ীটো আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰে ৷

আৰক্ষীয়ে ৰবলৈ নিৰ্দেশ দিয়ে যদিও বিছা মিঞাই আৰক্ষীৰ আহ্বানক গুৰুত্ব নিদি পলায়ন কৰিবলৈ চেষ্টা চলায় ৷ তাৰ পিছতে উপায়ন্তৰ হৈ আৰক্ষীয়ে ড্ৰাগছ ব্যবসায়ীটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে (Encounter in Barpetaroad) ৷ আৰক্ষীৰ গুলীত বিশা মিঞাৰ কান্ধত গুলী লাগি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ আহত হয় ৷ বৰ্তমান গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ীটো বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক:Encounter at Dabaka: ডবকাত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী

ABOUT THE AUTHOR

...view details