অসম

assam

ETV Bharat / state

বৰপেটাত নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে(Assam Police) অভিযান অব্যাহত ৰাখি এটাৰ পাচত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে এই অভিযানসমূহত বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাটাও সৰবৰাহকাৰীক আটক কৰিছে ৷ মঙলবাৰে বৰপেটা জিলাত পুনৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷

police seized large quantity of narcotic tablets and kapha siraf at barpeta
বৰপেটাত নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ : আটক 2

By

Published : Aug 11, 2021, 9:16 AM IST

বৰপেটা, 11 আগষ্ট :বৰপেটাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ বৰপেটাৰ বহৰিৰ বাটগাঁৱত মঙলবাৰে আৰক্ষীয়ে পুনৰ অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে বাটগাঁৱৰ প্ৰসেনজিৎ দাস নামৰ লোকজনৰ ঘৰত অভিযান চলাই নিচাযুক্ত দ্ৰব্যসমূহ জব্দ কৰে ৷

ঘটনা সন্দৰ্ভত দুজনক আটক

বৰপেটা আৰক্ষীয়ে অভিযানৰ সময়ত নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহৰ লগত জড়িত থকা অভিযোগত দুজন লোকক আটক কৰে ৷ আৰক্ষীৰ হাতত আটক হোৱা সৰবৰাহকাৰী দুটা বঙাইগাঁৱৰ নিউ ৰে’লৱে কলনীৰ দেৱাশীষ ৰয় আৰু চিৰাং জিলাৰ ঢালিগাঁৱৰ চবিদুল শ্বেখ বুলি জানিব পৰা হৈছে ৷ আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত দ্ৰব্যসমুহৰ মূল্য প্ৰায় 8 লক্ষাধিক টকা ৷

বৰপেটাত নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ

লগতে পঢ়ক :বাক্সাত গাঞ্জা ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

নিচাযুক্ত দ্ৰব্যসমূহ কঢ়িয়াই অনা AS 17 B 8735 নম্বৰৰ বলেৰ' পিক আপ ভানখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে ৷ বৰপেটা আৰক্ষীয়ে জনোৱা মতে, বঙাইগাঁৱৰ পৰা বৰপেটাৰ বাটগাঁৱলৈ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসমূহ সৰবৰাহ কৰা হৈছিল ৷ ঘৰটোৰ গৰাকী প্ৰসেনজিৎ দাসে আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি পূৰ্বেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ABOUT THE AUTHOR

...view details