অসম

assam

By

Published : Jul 7, 2021, 2:26 PM IST

ETV Bharat / state

বৰপেটাত বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ

বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গান্ধীনগৰত অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই ৷ আৰক্ষীয়ে জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় 40 হাজাৰ ৷

বৰপেটাত বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ
বৰপেটাত বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ

বৰপেটা ৭ জুলাই : সত্ৰনগৰী বৰপেটাৰ সামাজিক পৰিৱেশ কলুষিত কৰি তুলিছে একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে ৷ অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে বুধবাৰে পুৱা বৰপেটা চহৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ কৰে ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গান্ধীনগৰত চলাই এই অভিযান ৷

বৰপেটাত বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ

আৰক্ষীয়ে জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় 40 হাজাৰ টকা বুলি জানিব পৰা হৈছে ৷ বৰপেটা আৰক্ষীয়ে গান্ধীনগৰৰ মনোৰঞ্জন দাস নামৰ লোকজনৰ ঘৰত অভিযান চলাই জব্দ কৰে সুৰাখিনি ৷ অৱশ্যে সুৰা ব্যৱসায়ৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীয়ে সামাজিক পৰিৱেশ কলুষিত কৰি তোলাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে বৰপেটা আৰক্ষীয়ে ৷

বৰপেটাত বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ

সুৰামুক্ত অঞ্চল হিচাপে ঘোষিত সত্ৰনগৰী বৰপেটাত অব্যাহত থকা অবৈধ সুৰাৰ ব্যৱসায় বন্ধৰ ক্ষেত্ৰত বৰপেটাৰ আবকাৰী বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ বৰপেটা আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা মাহেকীয়াভাৱে ধন সংগ্ৰহ কৰি অহা বুলি বৰপেটাৰ দল সংগঠনসমূহৰ লগতে চহৰবাসীয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক :দেৰগাঁও আৰক্ষীৰ জালত গভাইত গাড়ী চোৰ

ABOUT THE AUTHOR

...view details