অসম

assam

ETV Bharat / state

কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ নিখিল ভাৰত কৃষক সভাৰ - কৃষি আইন

কৃষি আইন বাতিল আৰু হান্নান মোল্লাক মুক্তি কৰি দিয়াৰ দাবীত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

pm modi's effigy burnt at kalgachia
pm modi's effigy burnt at kalgachia

By

Published : Dec 5, 2020, 4:15 PM IST

জনীয়া, 5 ডিচেম্বৰ : কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ নিখিল ভাৰত কৃষক সভাৰ । যোৱা ন দিন ধৰি দিল্লীত ধাৰাবাহিক ভাবে চলি থকা কৃষক আন্দোলনৰ পিছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কৃষি আইন বাতিল কৰা নাই । আনহাতে কৃষক আন্দোলনৰ নেতা তথা নিখিল ভাৰত কৃষক সভাৰ সৰ্ব ভাৰতীয় সাধাৰণ সম্পাদক হান্নান মোল্লাৰ ওপৰত চৰকাৰে ক’লা আইন জাপি দি অবৈধ ভাৱে গ্ৰেপ্তাৰ কৰিছে ।

সেয়ে কৃষি আইন বাতিল আৰু হান্নান মোল্লাক মুক্তি কৰি দিয়াৰ দাবীত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে দাবী পূৰণ নহ’লে অহা ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহবান কৰা হ’ব বুলি প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক :২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন

ABOUT THE AUTHOR

...view details