পাঠশালা,১৪জুলাইঃ বজালীৰ নতুন বৰলাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে দুদিন পূৰ্বে বৰপেটা ৰোডৰ বেংকত টকা উলিয়াবলৈ গৈ সন্ধানহীন হোৱা আৰু এদিন পিছত প্ৰায় বিবস্ত্ৰ আৰু সংজ্ঞাহীন অৱস্থাত হাউলীত উদ্ধাৰ হোৱা ঘটনাই বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
হাউলীত বিস্কুট খুৱাই শিক্ষকৰ পৰা লুটিলে ধন - teacher lost money
নিচাযুক্ত বিস্কুট খুৱাই প্ৰবঞ্চকে লুটিলে শিক্ষকক ৷ অৰ্ধ বিবস্ত্ৰ অৱস্থাত হাউলীত ওলাল নিৰুদিষ্ট শিক্ষকৰ সন্ধান ৷
ঘটনা অনুসৰি শিক্ষকজনে বৰপেটা ৰোড ষ্টেট বেংক শাখাত পঞ্চাশ হাজাৰ টকা উলিওৱাৰ পিছতে এজন সাধাৰণ চিনাকী মানুহে বেংকৰ সমীপৰে চাহ দোকান এখনত চাহ খাবলৈ মাতি নিছিল ৷ বিস্কুটেৰে চাহ খোৱাৰ পিছতে শিক্ষকজন সংজ্ঞাহীন হৈ পৰে ৷ ইতিমধ্যে প্ৰবঞ্চকে তেওঁৰ সমস্ত টকাসহ মোবাইল ফোনটো লৈ যায় ৷ পৰৱৰ্তী সময়ত নিৰুদিষ্ট শিক্ষকজন সন্দৰ্ভত পৰিয়ালে শিমলা আৰক্ষী চকীত অৱগত কৰে ৷ অৱশ্যে শনিবাৰে আবেলি সংজ্ঞাহীন আৰু প্ৰায় বিবস্ত্ৰ অবস্থাত হাউলীত শিক্ষকজনৰ সন্ধান ওলায় ৷ সম্প্ৰতি পাঠশালা চিকিৎসালয়ত চিকিৎসাধীন শিক্ষকগৰাকী ৷