অসম

assam

By

Published : Dec 6, 2020, 4:41 PM IST

ETV Bharat / state

স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ

উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ গুৱাহাটীত সাধাৰণ কাম কৰি দৈনিক অহা যোৱা কৰা লোকসকল এইক্ষেত্রত সবাতকৈ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে এখন ৰেল বা এটা ষ্টেচনক নিৰ্ভৰ কৰি দুপইচা অৰ্জন কৰা অটো চালক ,ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছে ৷

Pathsala rail jatri protest
স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ

পাঠশালা,6 ডিচেম্বৰ: ক'ভিড সৃষ্ট পৰিৱেশৰ পিছত ক্ৰমাৎ জনজীৱন স্বাভাৱিক হৈছে যদিও আজিও ৰাজ্যত বন্ধ হৈ আছে স্থানীয় ৰে‘লৰ চলাচল ৷ যাৰ বাবে যাতায়তৰ ক্ষেত্রত সৰ্বসাধাৰণ লোকে চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷

স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ

বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ গুৱাহাটীত সাধাৰণ কাম কৰি দৈনিক অহা যোৱা কৰা লোকসকল এইক্ষেত্রত সবাতকৈ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে এখন ৰেল বা এটা ষ্টেচনক নিৰ্ভৰ কৰি দুপইচা অৰ্জন কৰা অটো চালক ,ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছে ৷

এইসকল লোকৰ জীৱন আৰু জীৱিকাৰ দিশলৈ চাই শীঘ্ৰে স্থানীয় ৰেল চলোৱাৰ দাবীত পাঠশালা ৰেল ষ্টেচনত দেওবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পাঠশালা ৰেল যাত্ৰী সন্থাই । সন্থাই দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক শীঘ্ৰে স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

বিশেষকৈ নামনি অসমৰ বঙাইগাৱৰ পৰা গুৱাহাটীলৈ চলাচল কৰা মানস ৰাইনো যাত্রীবাহী ৰেল আৰু আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী-মৰিয়নীলৈ চলাচল কৰা চিফুং যাত্রীবাহী স্থানীয় ৰেল দুখন চলাচল কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: কাৰ্বি আংলংত ১১ টা পৰিয়ালে যোগ দিলে বিজেপিত

ABOUT THE AUTHOR

...view details