অসম

assam

By

Published : Dec 31, 2020, 10:53 PM IST

ETV Bharat / state

পাঠশালাত পৰিবহণ বিভাগৰ বিশেষ তালাচী অভিযান

পাঠশালাত সুৰাপান কৰি যান-বাহন চলোৱা চালক সকলৰ বাব গ্ৰহণ কৰা হৈছে বিহীত ব্যৱস্থা ৷ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বৰপেটা আৰক্ষীয়ে চলাইছে অভিযান ৷

Pathsala DTO checking
বৰপেটাত জিলা পৰিবহন বিভাগৰ প্ৰশংসনীয় কাৰ্য

পাঠশালা,31 ডিচেম্বৰ: দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে বৰপেটা জিলা পৰিবহন বিভাগে ৷ বৰপেটা জিলা পৰিবহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত বৃহস্পতিবাৰে চলায় এক অভিযান ৷ অভিযানত কেইবাজনো সুৰাপান কৰা চালকৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ দ্বাৰা জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পাঠশালা, বৰপেটা, ভৱানীপুৰ আদি স্থানত চলোৱা হয় অভিযান ৷

উল্লেখ্য যে, 31 ডিচেম্বৰৰ নিশা কোনো লোকে যাতে সুৰাপান কৰি অঞ্চলটোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে লোৱা হৈছে এই ব্যৱস্থা ৷ আনহাতে, কেইবাখনো বনভোজস্থলীৰ পৰা অহা বাছৰ বিৰুদ্ধেও গ্ৰহণ কৰা হৈছে ব্যৱস্থা ৷ প্ৰাপ্ত তথ্য অনুসৰি,বৰপেটা জিলা পৰিবহণ বিভাগে ওৰেটো নিশা চলাব তালাচী ৷

অন্য এক খবৰৰ বাবে: নৱবৰ্ষৰ প্ৰাক ক্ষণত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ABOUT THE AUTHOR

...view details