পাঠশালা, 21 নৱেম্বৰঃ ঐতিহাসিক ভোগেশ্বৰী মন্দিৰত এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্যৰ কামৰ শুভাৰম্ভনি কৰে বিধায়ক পবিন্দ্ৰ ডেকাই ৷ বজালীৰ উজান উলুৱাস্থিত ঐতিহাসিক ভোগেশ্বৰী মন্দিৰ নামনি অসমৰ এখনি উল্লেখনীয় পৰ্যটনস্থলীৰ লগতে ধৰ্মীয় উপাসনাৰ স্থান ৷ কালদিয়া নৈৰ পাৰত অৱস্থিত এই মন্দিৰলৈ মাঘ মাহত সমাগম ঘটে লক্ষাধিক ভক্তৰ ৷ স্থানীয় ৰাইজ তথা মন্দিৰ পৰিচালনা সমিতিয়ে দীৰ্ঘদিন ধৰি উক্তস্থানত এটি ৰাজহুৱা প্ৰেক্ষাগৃহৰ অভাৱৰ বিষয়ে প্ৰশাসনৰ লগতে চৰকাৰক অনুৰোধ জনাই আহিছিল ৷
বজালীৰ ভোগেশ্বৰী মন্দিৰত বিধায়ক পবিন্দ্ৰ ডেকা - MLA Pabindra Deka news
বৃহত্তৰ বজালী অঞ্চলৰ ঐতিহাসিক ভোগেশ্বৰী মন্দিৰত এটি ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পবিন্দ্ৰ ডেকাই ৷ স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত উক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে বিধায়কগৰাকীয়ে ৷
ৰাইজৰ এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই মন্দিৰ পৰিসৰত এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ৷ বিধায়ক পূঁজিৰ অধীনত 5 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ'ব উক্ত প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাম ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ জনায় যে, দলীয় সিদ্ধান্ত অনুসৰিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সকলো কথা প্ৰকাশ কৰিব পাৰিব ৷
লগতে পঢ়কঃ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰৰ কাতিমহীয়া পালনামৰ সামৰণি