বৰপেটা, 27 ডিচেম্বৰ :বৰপেটা জিলাৰ চেঙাত অসম জাতীয় পৰিষদৰ এখন দলীয় সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক গোবিন্দ গায়নে বিজেপি, কংগ্ৰেছ আৰু অগপক কঠোৰ ভাষাৰে সমালোচনা কৰে । একেখন সভাতে সাংগঠনিক সম্পাদক গৰাকীয়ে ইছলাম ধৰ্মীয় পুথি 'কোৰাণ'সন্দৰ্ভত সত্যৰঞ্জন বৰাই কৰা বিৰূপ মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে, অগপ দলটোৱে ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি থকা এটা ছদ্মৱেশী আঞ্চলিক দল বুলি সমালোচনা কৰে ৷
সত্যৰঞ্জন বৰাই ৰাজনীতিৰ নামত অসমীয়া সমাজত বিষবাষ্প বিয়পাই আছে । ইফালে, লুৰিণ জ্যোতি গগৈ সন্দৰ্ভত সত্যৰঞ্জন বৰাই কৰা মন্তব্যক লৈ ৰাজ্যিক সাংগঠনিক সম্পাদকজনে কয়, লুৰিণ জ্যোতি গগৈক সত্যৰঞ্জন বৰাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই ।