অসম

assam

ETV Bharat / state

অগপই বিজেপিৰ আজ্ঞাবাহী দল হৈ জাতীয় স্বাৰ্থক জলাঞ্জলী দিছেঃ পবিন্দ্ৰ ডেকা

অসম গণ পৰিষদ দল ত্যাগ পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ ৷ বিধায়ক আৱাসগৃহৰ পৰা সংবাদমেল আয়োজন কৰি এই কথা জনালে অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷

By

Published : Dec 15, 2020, 7:51 PM IST

pabindar-deka-mla-of-patacharkuchi-leaves-agp
অসম গণ পৰিষদ দল ত্যাগ পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ

গুৱাহাটী, 15 ডিচেম্বৰ : অসম গণ পৰিষদ দলে বৰ্তমান আঞ্চলিকতাবাদী নীতি হেৰুৱাই পেলাইছে ৷ বিজেপিৰ আজ্ঞাবাহী দল হৈ বৰ্তমান জাতীয় স্বাৰ্থক জলাঞ্জলী দিছে ৷ এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ ৷ মঙলবাৰে অগপ দলৰ পৰা পদত্যাগ কৰি দিছপুৰৰ বিধায়ক আৱাসগৃহৰ পৰা সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰদান নেতা গৰাকীৰ ৷

বিধায়ক পবিন্দ্ৰ ডেকাৰ মন্তব্য

সংবাদমেলত বিধায়ক গৰাকীয়ে আকৌ জনোৱা অনুসৰি, অতুল বৰাই দলৰ মজিয়াত স্বেচ্ছাচাৰী শাসন চলাইছে ৷ দেশৰ কৃষক সকলৰ পৰিপন্থী কৃষি আইনৰ ক্ষেত্ৰত অগপই মাত মাতিব লাগিছিল ৷ কিন্তু বিজেপিৰ বাবেই অতুল বৰাই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস গোটাব পৰা নাই বুলিও কটাক্ষ কৰে পবিন্দ্ৰ ডেকাই ৷ আনহাতে, বৰ্তমান অসম গণ পৰিষদৰ হাতত অসমৰ স্বাৰ্থ সুৰক্ষিত নহয় বুলিও সংবাদমেলত উল্লেখ কৰে ৷

লগতে পঢ়ক :অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক

উল্লেখ্য যে, নেতা গৰাকীয়ে অগপ ত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত সেয়া ৰাজনীতি, অৰ্থনীতি আৰু সমাজনীতি সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত অসম গণ পৰিষদ দল ত্যাগ কৰিছে বুলি মন্তব্য কৰে ৷

একেদৰে পৰৱৰ্তী সময়ত কোনটা ৰাজনৈতিক দলত যোগদান কৰিব সেয়া সংবাদ মাধ্যমৰ আগত পৰৱৰ্তী সময়ত অৱগত কৰিব বুলি জানিব দিয়ে ৷

লগতে পঢ়ক :বিজেপিক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা সাংসদ প্ৰদ্যুত বৰদলৈৰ

ABOUT THE AUTHOR

...view details