বৰপেটা, ১৮এপ্ৰিলঃ বৰপেটাৰ হাউলী চহৰত একাংশ আৰক্ষীক বিহুৱানেৰে শুভেচ্ছা জ্ঞাপন কৰে এজন যুৱকে ৷ জনসাধাৰণৰ সুৰক্ষাৰ দিনে নিশাই দায়িত্ব পালন কৰাৰ বাবেই এই পদক্ষেপ যুৱকজনৰ ৷
বৰপেটাত কৰ্তব্যৰত আৰক্ষীক বিহুৱানেৰে সম্ভাষণ এজন যুৱকৰ - আৰক্ষী প্ৰশাসন
ৰাইজৰ সুৰক্ষাৰ বাবে দিনে-নিশাই ব্যস্ত আৰক্ষী প্ৰশাসন ৷ আৰক্ষীৰ কৰ্তব্যনিষ্ঠাক সন্মান জনায় হাউলীৰ এজন যুৱকে জনালে সাদৰ সম্ভাষণ ৷
বৰপেটা জিলাৰ হাউলীৰ আশ্ৰাফুল আলম চিদ্দিকী নামৰ যুৱকজনে হাউলী চহৰত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ প্ৰতি সন্মান জনায় বিহুৱান,চেনিটাইজাৰৰ লগতে অ' আৰ এছৰ পেকেট দিয়ে ৷ বিগত প্ৰায় এমাহ ধৰি দিনে-নিশাই চহৰবাসীৰ সুৰক্ষাৰ বাবে গধুৰ দায়িত্ব পালন কৰি অহা আৰক্ষী লোকসকলে ৰঙালী বিহুৰ সময়তো নিজ দায়িত্ব আৰু কৰ্তব্য পালনত ব্যস্ত থাকিবলগীয়া হৈছে ৷ সমাজৰ প্ৰতি আৰক্ষীয়ে এনে সেৱাৰ প্ৰতি সন্মান জনাই আশ্ৰাফুল আলম চিদ্দিকী নামৰ যুৱকজনে কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক ফুলাম গামোছাৰে বিহুৰ শুভেচ্ছা জনায় ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতো দিনে নিশাই কৰ্ম সম্পাদনত ব্যস্ত থাকি জনসাধাৰণৰ নিৰাপত্তা প্ৰদান কৰি অহা আৰক্ষী বিষয়া আৰু জোৱানসকলৰ কৰ্তব্য নিষ্ঠাক সন্মান জনাই যুৱকজনে এনেদৰে বিহুৰ শুভেচ্ছা জনোৱা কাৰ্য সচাকৈয়েই আদৰণীয় ৷
লগতে পঢ়ক- টিংখাঙৰ সমল কেন্দ্ৰৰ শিক্ষক সমাজৰ প্ৰশংসনীয় পদক্ষেপ