অসম

assam

কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত পুনৰ এজনৰ মৃত্যু

By

Published : Jun 4, 2021, 8:54 PM IST

বৃহস্পতিবাৰে কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত এজনৰ মৃত্যু ৷ বৃহস্পতিবাৰে বৰপেটাত নতুনকৈ 102 গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 96 গৰাকীলৈ বৃদ্ধি ৷

one-death-at-barpeta-due-to-covid
কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত এজনৰ মৃত্যু

বৰপেটা, 3 জুন:ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ’ণাৰ সংহাৰী ৰূপ ৷ বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে অব্যাহত আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ বৃহস্পতিবাৰে বৰপেটাত ক’ভিড-19ত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু ঘটিছে ৷ ইয়াকে লৈ জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 96 গৰাকীলৈ বৃদ্ধি পালে ৷

আনহাতে বৃহস্পতিবাৰে জিলাখনত নতুনকৈ 102 গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে জিলাখনত 98 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ এইপৰ্যন্ত বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 6064 গৰাকী ৷ ইয়াৰে 3881 গৰাকী ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷ 2041 গৰাকী কৰ’ণা আক্ৰান্ত চিকিৎসাধীন হৈ আছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে জিলাখনৰ মুঠ 4396 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল ৷ ইয়াৰে 102 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত জিলাখনত কৰ’ণা আক্ৰান্তৰ হাৰ ২.৩২ শতাংশ ৷

লগতে পঢ়ক:ৰহাৰ কন্টেইন্টমেন্ট জ'নৰ বাবে কি কৰিছে ৰাজহ চক্ৰ বিষয়াই ?

ABOUT THE AUTHOR

...view details