বৰপেটাৰোড,5 জুন:ৰাজ্যত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি পাইছে বহু অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছৰ গোপন বেহাৰ বহু তথ্য পোহৰলৈ অহাৰ মাজতে বৃহস্পতিবাৰে নিশা বৰপেটাৰোডৰ মেছপাৰাৰ পৰা চাৰিজনকৈ তেল চোৰক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন তেল চোৰ কেইটা ক্ৰমে ময়নাল হক, মহৰুদ্দিন, ৰাইজুদ্দিন আৰু তাৰেক আলী ৷ আটাইকেইটা চোৰৰ ঘৰ মেছপাৰাত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি, উক্ত অঞ্চলটোৰ মাজেৰে পাৰ হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল সৰবৰাহ কৰা বৃহৎ পাইপ ৷ চক্ৰটোৱে নিশাৰ আন্ধাৰৰ সুযোগ লৈ মেছপাৰাৰ হাছমত আলী নামৰ ব্যক্তি এজনৰ মাটিত টিনপাতৰ বেৰ দি বৃহৎ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰি বিক্ৰী কৰি আহিছিল ৷