বৰপেটা , 19 মে' : হাৱালা চক্ৰৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বৰপেটাৰ জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ অধ্যক্ষ নুৰুল ইছলাম নাকভিৰ ৷ বাধ্যত পৰি হাৱালা চক্ৰৰ সৈতে জড়িত হোৱা বুলি প্ৰকাশ অধ্যক্ষগৰাকীৰ ৷ হাৱালা বিষয়টো অপৰাধ বুলি জানিলে এনে কাৰ্যত লিপ্ত নহ'লহেঁতেন বুলি মন্তব্য কৰে নুৰুল ইছলাভ নাকভিয়ে ৷ পাঠশালা স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত এই মন্তব্য কৰে নাকভিয়ে ৷
কি স্বীকাৰোক্তি দিলে আৰবী কলেজৰ অধ্যক্ষ নাকভিয়ে? - BARPETA
বাধ্যত পৰি হাৱালা চক্ৰৰ সৈতে জড়িত হোৱা বুলি প্ৰকাশ অধ্যক্ষগৰাকীৰ ৷ হাৱালা বিষয়টো অপৰাধ বুলি জানিলে এনে কাৰ্যত লিপ্ত নহ'লহেঁতেন বুলি মন্তব্য কৰে নুৰুল ইছলাভ নাকভিয়ে ৷
উল্লেখযোগ্য যে হাৱালাৰ জৰিয়তে দেশ-বিদেশৰ পৰা আৰবী কলেজখনলৈ ধন অহাৰ অভিযোগত আৰক্ষীয়ে শনিবাৰে আটক কৰিছিল বৰপেটা জিলাৰ হাউলীৰ"জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ" অধ্যক্ষ নুৰুল ইছলাম নাকভিক ৷ অধ্যক্ষ নাকভিৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ লগতে কলেজখনৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে ৷
"জামিয়া ইছলামিয়া চালাফিয়া আৰবী কলেজৰ" চৌহদটো 62 বিঘা মাটিৰে আগুৰা এক বৃহৎ অঞ্চলত আৱৰি আছে ৷ 2001 চনত স্থাপিত কলেজখনত পঢ়িবলৈ আহে পশ্চিমবংগ-মালদাহ আদিৰ ছাত্ৰ ৷ ইয়াৰোপৰি আৰবী কলেজখনত এগৰাকী নেপালৰো শিক্ষয়ত্ৰী আছে ৷ ইপিনে নাকভিৰ পিতৃ জামালউদ্দিন চালাফিয়ে কলেজখন প্ৰতিষ্ঠাৰ সৈতে জড়িত বহু তথ্য প্ৰকাশ কৰে ৷ তেওঁ জনোৱা অনুসৰি আৰবী কলেজখনলৈ কুৱেইটৰ হাৱালাৰ জৰিয়তে দেশ-বিদেশৰ পৰা ধন আহে ৷ নাকভি সম্পৰ্কে তেওঁৰ পিতৃয়ে জনোৱা অনুসৰি আৰবী বিষয়ত নাকভিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ মেডেল লাভ কৰিছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়তো আৰবী বিষয়ত কিছুদিন অস্থায়ীভাৱে অধ্যাপনা কৰিছিল নাকভিয়ে ৷ ইয়াৰোপৰি শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো পঢ়ুৱাইছিল নাকভিয়ে ৷