অসম

assam

ETV Bharat / state

টকা নিদিয়াৰ বাবে প্ৰসূতি পায়েল খুলি নিলে নাৰ্চে

টকা নিদিলে চিকিৎসা প্ৰদান নকৰা এগৰাকী চৰকাৰী নাৰ্ছৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হাজীপাৰাৰ ৰাইজে ৷

By

Published : Jul 24, 2020, 1:32 PM IST

এগৰাকী চৰকাৰী নাৰ্ছ
এগৰাকী চৰকাৰী নাৰ্ছ

বৰপেটা, 24 জুলাই: টকা নিদিলে চিকিৎসা প্ৰদান নকৰা এটা চৰকাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম নাৰ্ছ জমিলা খাতুন ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ হাজীপাৰা উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত নাৰ্ছ গৰাকী ৷ টকা নহ'লে কোনো প্ৰসূতিৰ সন্তান প্ৰসৱ নকৰে নাৰ্ছ গৰাকীয়ে ৷ সন্তান প্ৰসৱৰ নামত জমিলা খাতুনক আদায় দিবলগীয়া হয় ৩ ৰ পৰা 5 হাজাৰ পৰ্যন্ত টকা ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য যে, অঞ্চলটোৰ প্ৰায় অধিকাংশ লোকেই আৰ্থিকভাৱে সবল নহয় ৷ যাৰ বাবে বহু সময়ত তেওঁলোকে টকা দিব নোৱাৰি ঘৰতেই বিপদসংকুল অৱস্থাত প্ৰসৱ কৰাইছে বহু প্ৰসূতিৰ ৷ শেহতীয়াকৈ এগৰাকী আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বিশেষভাৱে সক্ষম মহিলাৰো প্ৰসৱ কৰাৰ নামত নাৰ্ছ গৰাকীয়ে দাবী কৰিছিল ধন ৷ বানত আবদ্ধ পথাৰৰ মাজত এটা জৰাজীৰ্ণ জুপুৰীত বাস কৰা মহিলাগৰাকীয়ে ধন দিব নোৱাৰাত, তেওঁক ভাবুকি প্ৰদান কৰি খুলি নিয়ে ভৰিত পিন্ধি থকা পায়েলযোৰ ৷

টকা নিদিলে প্ৰসৱ নকৰোৱা এগৰাকী চৰকাৰী নাৰ্ছ

জানিব পৰা মতে, আনৰ ঘৰৰ খুজি মাগি জীৱন নিৰ্বাহ কৰি আছে সেই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ৷ তেওঁলোকৰ লগত নাৰ্ছ গৰাকীয়ে কৰা তেনে অমানৱীয় আচৰণত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ শুকুৰবাৰে সেয়েহে নাৰ্ছ গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকসকলে ৷ নাৰ্ছ গৰাকীৰ বিৰুদ্ধে অতি শীঘ্ৰেই কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় স্থানীয় লোকে ৷

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্তৰ খবৰ শুনি মৃত্যু ঘটিল অট' চালকৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details