বৰপেটা,১৪ মে' : খিলঞ্জীয়া লোকলৈ আহিছে বিদেশীৰ জাননী । বৰপেটা জিলাৰ সৰভোগ অঞ্চলৰ ৰামপুৰ গাঁৱৰ এজন বিশিষ্ট ব্যক্তি তথা সমাজকর্মী, হৰকুমাৰ গোস্বামীৰ বিৰুদ্ধে বিদেশীৰ অভিযোগ । খিলঞ্জীয়াৰ বিৰুদ্ধে এন আৰ চিত বিদেশী বুলি সন্দেহ কৰি আপত্তি দাখিল কৰাত আবেদনকাৰীৰ বিৰুদ্ধে বৰপেটাৰোডৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে হৰকুমাৰ গোস্বামীয়ে ।
এন আৰ চিত খিলঞ্জীয়া লোকক বিদেশীৰ জাননী - foreigner
আপত্তিকাৰীৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত খিলঞ্জীয়াৰ গোচৰ
বজালীৰ ধনমনি কাকতি আৰু বৰপেটাৰ ৰাহুল সূত্ৰধৰ নামাৰ দুগৰাকী ব্যক্তিয়ে হৰকুমাৰ গোস্বামীৰ নাগৰিকত্ব প্ৰমাণৰ বাবে অভিযোগ দাখিল কৰে ৷ অভিযোগ মতে, সৰভোগৰ হৰকুমাৰ গোস্বামীৰ তথ্যবোৰ বৈধ নহয় লগতে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে হৰকুমাৰ গোস্বামীয়ে দাখিল কৰা তথ্যবোৰ আইনগত নহয় আৰু পূৰ্ব পুৰুষৰ তথ্যও শুদ্ধ নহয় । সেইমৰ্মে হৰকুমাৰ গোস্বামীয়ে এগৰাকী খিলঞ্জীয়া হৈও যোৱা ৭ মে'ত বৰপেটাৰোডৰ এন আৰ চি হিয়াৰিং কেন্দ্ৰত উপস্থিত হৈ তেঁও নিজে ভাৰতীয় বুলি যাৱতীয় তথ্যপাতি প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, সমাজকৰ্মীজনে এই অভিযোগত সাংঘাতিক ভাৱে অপমানবোধ কৰাৰ লগতে তেওৰ আত্মসন্মানত আঘাত হনা বুলি অভিযোগ তুলি আবেদনকাৰী ধনমনি কাকতি আৰু ৰাহুল সুত্ৰধৰৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত মঙলবাৰে এখন এজাহাৰ দাখিল কৰে ৷