অসম

assam

By

Published : May 28, 2021, 7:15 PM IST

ETV Bharat / state

৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কলগাছিয়াৰ ৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ । পঞ্চায়ত সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে ৭ গৰাকীকৈ সদস্য, সদস্যাৰ অনাস্থা । ৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ অভিযোগ তুলি খণ্ড উন্নয়ন বিষয়াৰ ওচৰত অনাস্থা দাখিল ৷

৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ
৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

জনীয়া, 28 মে':বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে সদস্য, সদস্যা সকলে আনিলে অনাস্থা প্ৰস্তাৱ । অসম পঞ্চায়ত আইন ১৯৯৪ ৰ ১৫ ধাৰা মতে সদস্য, সদস্যা সকলে দাখিল কৰিলে অনাস্থা প্ৰস্তাৱ ।

যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰৰ শূণ্য সহনশীলতাৰ কথা বাৰুকৈয়ে কৈ আছে ঠিক তেনে এক মুহুৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত একাংশ পঞ্চায়ত সভাপতিয়ে চৰম দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । তাৰে এক জলন্ত উদাহৰণ তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে অসংখ্য দুৰ্নীতিৰ অভিযোগত পঞ্চায়ত সদস্য সকলে দাখিল কৰা অনাস্থা প্ৰস্তাৱ ।

৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে চতুৰ্থ বিত্তীয় আয়োগ, এম জি এন ৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ ধন আত্মসাৎ আৰু মহামাৰী কৰ’ণা প্ৰতিষেধকৰ বাবে কৰা ছেনিটাজেশ্যনতো দুৰ্নীতি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ।

যাৰ বাবে শুকুৰবাৰে সাত গৰাকীকৈ পঞ্চায়ত সদস্য/সদস্যাই কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আকবৰ অলীৰ হাতত অনাস্থা প্ৰস্তাৱ দাখিল কৰে । বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :ৰঙানদী প্ৰকল্পই এৰিলে পানী, চিন্তিত লখিমপুৰবাসী

ABOUT THE AUTHOR

...view details