জনীয়া, 22 জুন: বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তগৰ্ত 64 নং তাপেশ্বৰা গাঁও পঞ্চায়তত পঞ্চায়ত সাভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনাস্থা প্ৰস্তাৱ ৷ গাঁও পঞ্চায়তটোৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে উত্থাপন হৈছে অনাস্থা প্ৰস্তাৱ ৷ জানিব পৰা মতে গাঁও পঞ্চায়টোৰ 10 গৰাকী সদস্যৰ 7 গৰাকী সদ্যই এখন 12 দফীয়া অভিযোগ নামা দাখিল কৰিছে পঞ্চায়টোৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷
ইফালে উক্ত অনাস্থা প্ৰস্তাৱৰ ভিত্তিতে সোমবাৰে কলগাছিয়া ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সমগ্ৰ বিষটোৰ সৰ্ন্দভত খণ্ড উন্নয়ন বিষয়া আলী আকবৰৰৰ উপস্থিতিত ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনৰ সভাপতিত্বত এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাৰ অন্তত সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে উত্থাপন হোৱা অনাস্থা প্ৰস্তাৱৰ সপক্ষে ১৯৯৪ চনৰ পঞ্চায়ত আইনৰ ১৫ নং ধাৰাৰ অধীনত গণতান্ত্ৰিক পদ্ধতিৰে গোপন বেলটৰ জৰিয়তে ভোট দান কৰে পঞ্চায়তৰ সদস্য সকলে ।
এই গোপন ভোট দানত অনাস্থা প্ৰস্তাৱৰ সপক্ষে ৭ গৰাকী সদস্য-সদস্যাই ভোট দান কৰিছে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ সমগ্ৰ বিষয়টোৰ সৰ্ন্দভত অতি শীঘ্ৰে অনাস্থা প্ৰস্তাৱ গৃহীত কৰাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তক আবেদন দাখিল কৰিব বুলি উল্লেখ কৰিছে পঞ্চায়টোৰ সদস্য-সদস্যা সকলে । সম্প্ৰতি এই ঘটনাৰ পাচতে তাপেশ্বৰা গাঁও পঞ্চায়ত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷