অসম

assam

ETV Bharat / state

পহিলা ব'হাগৰ দিনটোত নিস্তব্ধ বৰপেটা সত্ৰ

দেশত চলি থকা লক ডাউনৰ প্ৰভাৱত আজি পহিলা ব'হাগৰ দিনটোতো বৰপেটা সত্ৰত নাই পূৰ্বৰ উচাহ । মুষ্টিমেয় ভকতেৰেই সম্পাদন কৰা হৈছে সত্ৰৰ সেৱায়িত কাৰ্যসমূহ ।

By

Published : Apr 14, 2020, 11:09 AM IST

no bihu celebration in barpeta satra
no bihu celebration in barpeta satra

বৰপেটা, ১৪ এপ্ৰিলঃ আজি পহিলা ব'হাগৰ দিনটোত বৰপেটা সত্ৰত নাই পূৰ্বৰ উচাহ । পূৰ্বে পহিলা ব'হাগৰ দিনটোত অগণন ভক্তৰ সমাগম হোৱাৰ বিপৰীতে, এইবেলি লক ডাউনৰ বাবে বৰপেটা সত্ৰত নাই পূৰ্বৰ জনাসমাগম । পহিলা ব'হাগৰ দিনটোত গুৰু দুজনাৰ চৰণত সেৱা জনাই বছৰটোলৈ সকলোৰে মংগল কামনাৰে, নতুন বছৰটোৰ আৰম্ভণি কৰে বৰপেটা সত্ৰৰ প্ৰতিগৰাকী বাসিন্দাই । কিন্তু দেশত চলি থকা লক ডাউনৰ প্ৰভাৱত এইবাৰ, বৰপেটা সত্ৰত কেৱল নিত্য প্ৰসংগৰ লগতে সেৱায়িত কাৰ্যসমূহহে সম্পাদন কৰি থকা হৈছে । চৰকাৰী নিষেধাজ্ঞাৰ বাবে সত্ৰত ভক্তৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰা হৈছে ৷ 4 বা 5 গৰাকী ভকতে সত্ৰৰ সেৱায়িত কাৰ্যসমূহ পৰিচালনা কৰি আছে ।

পহিলা ব'হাগৰ দিনটোত নিস্তব্ধ বৰপেটা সত্ৰ

মঙলবাৰেও পহিলা ব'হাগৰ দিনটোত মুষ্টিমেয় ভকতেহে ভাগ লৈছে সত্ৰৰ প্ৰসংগত । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াই প্ৰসংগত ভাগ লৈ ৰাজ্যবাসীৰ কুশল প্ৰাৰ্থনা কৰিছে । পূৰ্বে পহিলা ব'হাগৰ দিনটোত বৰপেটা সত্ৰত সত্ৰৰ দৈৱজ্ঞই বৰ্ষফল গণনা কৰিছিল ৷ এই গণনাৰ ফলাফল জানিবৰ বাবে বৰপেটাবাসীয়ে বৰপেটা সত্ৰত ভিৰ কৰিছিল । কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতি তথা লক ডাউনৰ বাবে এইবেলি বাতিল কৰা হ'ল বৰ্ষফল গণনা কাৰ্যসূচী ৷

লগতে পঢকঃনলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details