অসম

assam

ETV Bharat / state

কৃষকৰ মাজত কলগাছিয়াত নীতি আয়োগৰ সজাগতা সভা

কৃষকৰ মাজত নীতি আয়োগ তথা বেচৰকাৰী সংস্থা আই টি চি(ITC) ৰ উদ্যোগত সজাগতা সভা ৷ অভিলাষী আঁচনি "মিছন ছুনহেৰা ক'ল"(mission sunhera kal) ৰ জৰিয়তে কৃষকসকলৰ উৎপাদন ক্ষমতা দুগুণ বৃদ্ধি কৰাৰ লগতে কৃষিখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে এক বৃহৎ সজাগতামূলক অভিযান ৷

By

Published : Jun 23, 2021, 10:09 PM IST

awareness meeting among kalgasia farmers by niti ayog and ITC
কৃষকৰ মাজত কলগাছিয়াত নীতি আয়োগৰ সজাগতা সভা

জনীয়া, 23 জুন :কলগাছিয়াত কৃষকৰ মাজত নীতি আয়োগ তথা বেচৰকাৰী সংস্থা আই টি চি (ITC) ৰ উদ্যোগত সজাগতা সভা । ভাৰতবৰ্ষৰ নীতি আয়োগৰ সৌজন্যত তথা বেচৰকাৰী সংস্থা আই টি চি (ITC)ৰ উদ্যোগত আৰু অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন আৰজিভিএন (RGVN) ৰ সহযোগত ৰূপায়ণ হোৱা অভিলাষী আঁচনি "মিছন ছুনহেৰা ক'ল"(mission sunhera kal) ৰ জৰিয়তে কৃষকসকলৰ উৎপাদন ক্ষমতা দুগুণ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে ৷ বে-চৰকাৰী অনুষ্ঠান আই টি চি-ৰ আৰ্থিকভাৱে সহায় কৰা এই আঁচনিত কৃষিখণ্ডৰ উন্নয়নৰ উদ্দেশ্যে আৰু 2022 চনত ভিতৰত বৈজ্ঞানিকভাৱে কৃষকসকলক খেতি কৰিবলৈ প্ৰশিক্ষণ কৰাই হৈছে এই আঁচনিৰ উদ্দেশ্য ৷

কৃষকৰ মাজত কলগাছিয়াত নীতি আয়োগৰ সজাগতা সভা

উক্ত অভিযানৰ অংশ হিচাপে বুধবাৰে পূৱ কলগাছিয়া অঞ্চলৰ একাংশ কৃষকৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰি আই টি চি(ITC)ৰ বৰপেটা জিলাৰ সমন্বয়ক মৃণাল পাঠকে কৃষি পদ্ধতিত সঠিকভাৱে বীজ ৰোপণ, কীটনাশক আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ সন্দৰ্ভত কৃষকক সজাগ কৰে । "মিছন ছুনহেৰা ক'ল"(Mission sunhera kal) ৰ জৰিয়তে বহু কৃষকে লাভান্বিত হোৱাৰ লগতে ভালেসংখ্যক খেতিয়কে ৩৫-৪০ মোনকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে জিলা সমন্বয়ক মৃণাল পাঠকে । কলগাছিয়াৰ কৃষকসকলে যাতে আয় দুগুণ কৰিব পাৰে তাৰ উদ্দেশ্যৰে কৃষকসকলৰ মাজত এটাকৈ দল বনাই দিয়া হৈছে ৷ এটা দলত 24 জনকৈ সাধাৰণ কৃষক থাকিব আৰু এজন ডাঙৰ খেতিয়কক দলটোৰ পৰিচালনা কৰাৰ দায়িত্ব দিয়া হ’ব ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ ৰাজা আলী

ABOUT THE AUTHOR

...view details