অসম

assam

ETV Bharat / state

সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে ক্ষুব্ধ অবড়ো সুৰক্ষা সমিতি - সাংসদ নৱ কুমাৰ শৰণীয়াৰ সভাপতিত্বত গঠন হৈছিল গণ সুৰক্ষা পাৰ্টিৰ

পাঠশালাত সাংসদ নৱ কুমাৰ শৰণীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অবড়ো সুৰক্ষা সমিতিৰ নেতাসকল । নেতাসকলে তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংসদগৰাকীক । কিহৰ বাবে অবড়ো সুৰক্ষা সমিতি ক্ষোভিত হৈ পৰিছে সাংসদ গৰাকীৰ বিৰুদ্ধে ? সাংসদগৰাকীৰ বিৰুদ্ধে কি অভিযোগ তুলিছে অবড়ো সুৰক্ষা সমিতিয়ে ?

Pathsala
সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে সংবাদমেল অবড়ো সুৰক্ষা সমিতিৰ

By

Published : Sep 5, 2021, 6:34 PM IST

পাঠশালা, ৫ ছেপ্তেম্বৰ :বিটিচি অঞ্চলৰ অবড়োসকলৰ সুৰক্ষা প্ৰদানৰ লগতে বড়ো আৰু অবড়োসকলৰ মাজৰ সংঘাত দূৰ কৰাৰ উদ্দেশ্যে গঠন হৈছিল অবড়ো সুৰক্ষা সমিতি । বিগত বিধানসভা নিৰ্বাচনত অবড়ো সুৰক্ষা সমিতিয়ে জন্ম দিছিল গণ সুৰক্ষা পাৰ্টি (Gana Suraksha party) নামেৰে ৰাজনৈতিক দল । কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সভাপতিত্বত গঠন হৈছিল গণ সুৰক্ষা পাৰ্টিৰ ।

সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে সংবাদমেল অবড়ো সুৰক্ষা সমিতিৰ

কিন্তু নিৰ্বাচনত দলটোৰ শোচনীয় পৰাজয়ৰ পাছতে অবড়ো সুৰক্ষা সমিতিৰ (Non Bodo Suraksha Samiti) কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক আদিয়ে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছিল । অৱশ্যে কেন্দ্ৰীয় সমিতিয়ে এই পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল । যাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ সভা অনুষ্ঠিত কৰি কেন্দ্ৰীয় সমিতিয়ে আগৰ কমিটিখনৰ সভাপতি ললিত হেমলম আৰু সম্পাদক মাধৱ ৰাজবংশীকে ৰাখি কমিটিখন গঠন কৰে ।

কিন্তু লক্ষণীয়ভাৱে ইয়াৰ পাছতে শেহতীয়াকৈ সভা অনুষ্ঠিত কৰি এই কমিটি ভংগ কৰি দিয়ে সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই । সাংসদ গৰাকীৰ এই পদক্ষেপক বেআইনী আখ্যা দিছে অবড়ো সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকলে । নৱ কুমাৰ শৰণীয়াই সভাপতি আৰু সম্পাদকৰ পদত্যাগ পত্ৰৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে সমিতিৰ বিষয়ববীয়াই । অবড়ো সকলৰ সমস্যাসমূহ সমাধান নকৰি নিজৰ স্বাৰ্থ লাভৰ বাবে নৱ শৰণীয়াই নিকৃষ্ট ৰাজনীতি কৰা বুলি সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

পাঠশালাত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতাসকলে তীব্ৰ সমালোচনা কৰে সাংসদ নৱ কুমাৰ শৰণীয়াক । নৱ কুমাৰ শৰণীয়াই অবড়োসকলৰ সমস্যা সমাধান হোৱাটো নিবিচাৰে বুলি অভিযোগ কৰিছে নেতাসকলে । অবড়ো সুৰক্ষা সমিতিয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰি তেওঁলোকৰ সমস্যা সমাধানৰ চেষ্টা কৰিছে । কিন্তু তেনে হোৱাটো নৱ শৰণীয়াই নিবিচাৰে বুলি অভিযোগ কৰিছে অবড়ো সুৰক্ষা সমিতিৰ নেতাসকলে ।

লগতে পঢ়ক :আলফা স্বাধীনৰ সভাপতিৰ দায়িত্বত পৰেশ অসম

ABOUT THE AUTHOR

...view details