জনীয়া, 19 মে': ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ দৈনিক ক’ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ক’ভিডত মৃত্যু হৈছে ভালেসংখ্যক লোকৰ ৷
এনে প্ৰেক্ষাপতত বুধবাৰে হঠাৎ পৰিস্থিতিৰ বুজ ল’বলৈ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় সাংসদ আব্দুল খালেক ৷ চিকিৎসালয়ত উপস্থিত হৈ সাংসদ গৰাকীয়ে নিজৰ সাংসদ পুঁজিৰে চিকিৎসালয়খনৰ আই চি ইউ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ।
ইয়াৰ উপৰিও চিকিৎসালয়খনৰ কোৱাৰেন্টাইনত থকা ৬২ গৰাকী ক’ভিড ৰোগীৰ মাজত ফলমূল বিতৰণ কৰে ৷ কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ৰাইজক ক’ভিড প্ৰট'কল মানি মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে, সাংসদগৰাকীৰ অকস্মাতে এনেদৰে চিকিৎসালয়খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাত চিকিৎসক কৰ্মচাৰীৰ মাজত হুৱা-দুৱা লাগে । সাংসদগৰাকীয়ে লগতে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্চ নিযুক্তি দিবলৈও চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায় ।
লগতে পঢ়ক :ক’ভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰকৰি খুমটাইত উত্তপ্ত পৰিস্থিতি