অসম

assam

By

Published : Aug 29, 2021, 2:04 PM IST

ETV Bharat / state

বৰপেটাৰোডত মটৰ শ্ৰমিক ইউনিয়নৰ যৌথ সভা

মটৰ শ্ৰমিক সকলৰ বিভিন্ন অসুবিধা, দাবী আদি আলোচনাৰ বাবে বৰপেটাৰোডত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয় । উক্ত বৈঠকত উপস্থিত থাকি সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চৰকাৰৰ ওচৰত বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰে ।

motor labour association
বৰপেটাৰোডত মটৰ শ্ৰমিক ইউনিয়নৰ যৌথ সভা

বৰপেটাৰোড, ২৯ আগষ্ট :ক'ভিড (Covid) সৃষ্ট পৰিৱেশৰ বাবে যোৱা প্ৰায় দুটা বছৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে বাছ সেৱাৰ (Bus service) লগতে পৰিবহণ সেৱাৰ লগত জড়িত লোকসকল । অসমৰ ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও আন্তঃজিলা যাতায়ত (Inter district transport) ব্যৱস্থাত থকা বাধ্য বাধকতাৰ বাবে বাছসমূহ চলাব পৰা নাই । সেয়ে চৰম সংকটত পৰিছে বাছ মালিক তথা কৰ্মচাৰীসকল ।

বাছ সেৱাৰ লগত জড়িত লোকসকলৰ বিভিন্ন অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে বৰপেটাৰোডৰ শিমলাগুৰিত এক বিশেষ সভাৰ আয়োজন কৰা হয় । স্বেচ্ছাসেৱী সংগঠন 'এম ফৰ এম'ৰ কাৰ্যালয়ত আয়োজিত এই সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মথুৰা দাসে ।সদৌ অসম চুপাৰ বাছ ৱাৰ্কাৰ্ছ ইউনিয়ন (All Assam Super Bus Workers Union) আৰু বৰপেটা জিলাৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ আতিথ্যত অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চই এই সভাখনৰ আয়োজন কৰে ।

বৰপেটাৰোডত মটৰ শ্ৰমিক ইউনিয়নৰ যৌথ সভা

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ (Sorbhog MLA Manoranjan Talukdar) । সভাত মটৰ শ্ৰমিক কল্যাণ আঁচনিৰ (Motor Labour Welfare Scheme) প্ৰয়োজনীয়তা সন্দৰ্ভত বিশেষ আলোচনা হয় ।

এই আঁচনি এতিয়ালৈ ৰাজ্য চৰকাৰে হাতত লোৱা নাই যদিও এই সম্পৰ্কে বিধানসভাত চৰকাৰৰ দৃষ্টি গোচৰ কৰে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । বিধায়কগৰাকীৰ মতে শ্ৰমিকসকলে কাম এৰাৰ পাছত যাতে নূন্যতম হ'লেও পেঞ্চন পাব পাৰে তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছে । লগতে শ্ৰমিকসকলৰ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো স্ক'লাৰশ্বিপৰ ব্যৱস্থা কৰা, তাৰোপৰি দুৰ্ঘটনাত পতিত হ'লে শ্ৰমিকসকলে যাতে সাহাৰ্য আৰু সু-চিকিৎসা পায় এই বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কথা স্বীকাৰ কৰে বিধায়কগৰাকীয়ে ।

ইফালে তেওঁৰ কথাত গুৰুত্ব প্ৰদান কৰি চৰকাৰে এখন আইন প্ৰণয়নৰ কথা ঘোষণা কৰিছে বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে । চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিধায়কগৰাকীয়ে এইটোও দাবী কৰে যাতে চৰকাৰৰ ঘোষণা কেৱল ঘোষণাতে সীমাবদ্ধ হৈ নাথাকে ।

আইনখন সঠিকভাৱে সকলো মটৰ শ্ৰমিকৰ কল্যাণৰ অৰ্থে বাস্তৱায়িত কৰি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে যাতে নিৰাপত্তা লাভ কৰিব পাৰে তাৰবাবে পদক্ষেপ ল'বলৈ চৰকাৰক অনুৰোধ জনায় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক :আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত শদিয়াত AJYCPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details