অসম

assam

ETV Bharat / state

বৰপেটাত আটক ম'ষ্ট ৱান্টেড জেহাদী

ৰৌমাৰী পথাৰ গাঁও জেহাদীৰ ঘাটি হিচাপে পৰিচিত হৈআহিছে ৷ অসমত জেহাদী কাৰ্যকলাপৰ মুল হোতা হিচাপে পৰিচিত চাহানুৰ আলমৰ চতলা গাঁৱৰ পৰা ওচৰতে অৱস্থিত ৰৌমাৰী পথাৰ গাঁও ৷ চাহানুৰ আলমৰ সৈতে জেএমবিৰ কাৰ্যকলাপত জৰিত আজাহাৰ উদ্দিনক সেনা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল ৷

By

Published : Oct 17, 2019, 9:46 AM IST

Updated : Oct 17, 2019, 11:10 AM IST

জেহাদৰ উকমুকনি!

বৰপেটা, ১৭ অক্টোবৰঃ বৰপেটাত পুনৰ আৰক্ষীৰ জালত পৰিল দূধৰ্ষ জেহাদী ৷ ৰৌমাৰী পথাৰ গাঁৱৰ চামাদ আলীৰ পুত্ৰ আজাহাৰ উদ্দিন আহমেদ নামৰ এটা জেহাদী জালত পৰিল আৰক্ষীৰ ৷ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগয়াৰীৰ নেতৃত্বত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহাদীটোক ৷ ৰৌমাৰী পথাৰ গাঁৱৰ চামাদ আলীৰ পুত্ৰ আজাহাৰ উদ্দিন ২০১৩ চনৰ পৰাই জেএমবিৰ সৈতে জৰিত ৷ বৰ্ধমানৰ বোমা বিস্ফোৰণৰ পিচৰ পৰাই দীৰ্ঘদিন ধৰি পলাতক হৈ আছে অসম আৰক্ষীৰ ম'ষ্ট ৱান্টেড জেহাদীটো ৷ আৰক্ষী সেনাৰ চকুত ধুলি দি গোৱা, কেৰালা, হায়দৰাবাদ, শিলচৰ, ডিব্ৰুগড় আদিত আত্মগোপন কৰি আছিল জেহাদীটোয়ে ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, সোমবাৰে টেলেংগানাৰ পৰা বৰপেটাত আহি উপস্থিত হোৱাৰ পিচতে গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহাদীটোক ৷ ইপিনে আৰক্ষীয়ে বুধবাৰে বজালীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত হাজিৰ কৰায় জেএমবিৰ শীৰ্ষনেতাজনক ৷ তাৰপিচতে আদালতে ৭ দিনৰ আৰক্ষী জিম্মাত দিয়ে জেহাদীটোক ৷ জেহাদী আজাহাৰ উদ্দিনৰ ঘৰত এতিয়া কোনো নাই ৷ বিগত কেবাদিন ধৰি সেনা আৰক্ষীয়ে আজাহাৰ উদ্দিনক বিচাৰি ঘৰত তালাচী চলাই আছিল ৷ সেইবাবেই হয়তো ঘৰৰ পৰা আঁতৰি আছে পৰিয়ালৰ লোকসকল ৷

জেহাদৰ উকমুকনি!


ৰৌমাৰী পথাৰ গাঁও জেহাদীৰ ঘাটি হিচাপে পৰিচিত হৈআহিছে ৷ অসমত জেহাদী কাৰ্যকলাপৰ মুল হোতা হিচাপে পৰিচিত চাহানুৰ আলমৰ চতলা গাঁৱৰ পৰা ওচৰতে অৱস্থিত ৰৌমাৰী পথাৰ গাঁও ৷ চাহানুৰ আলমৰ সৈতে জেএমবিৰ কাৰ্যকলাপত জৰিত আজাহাৰ উদ্দিনক সেনা আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বিচাৰি আছিল ৷ উল্লেখ্য যে, জেএমবিৰ জেহাদী কাৰ্যকলাপৰ সৈতে জৰিত থকাৰ অপৰাধত ইতিমধ্যে ৰৌমাৰী পথাৰ গাঁৱৰ কেবাজনো দূধৰ্ষ জেহাদী ইতিমধ্যে জালত পৰিছে আৰক্ষীৰ ৷ চাহানুৰ আলমৰ পিচতে অসমত জেহাদী কাৰ্যকলাপৰ মাষ্টাৰমাইণ্ড হিচাপে কাম কৰিছিল ৰৌমাৰী পথাৰ গাৱৰ চহিদুল ইছলাম ওৰফে সূৰ্যই ৷ পশ্চিমবংগৰ বৰ্ধমান জিলাৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফােৰনৰ ঘটনাত অভিযুক্ত হৈ পশ্চিমবংগৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই থকা জেএমবিৰ দূধৰ্ষ নেতা ছহিদুল ইছলামৰ ঘৰৰ নাতি দূৰতে অৱস্থিত ধৃত আজাহাৰ উদ্দিনৰ ঘৰ ৷ আনহাতে ৰৌমাৰী পথাৰ গাৱৰেই কছিমুদ্দিন আৰু আক্ৰাম আলী নামৰ আন দুই জেহাদীও পূৰ্বে জালত পৰিছিল আৰক্ষীৰ ৷

Last Updated : Oct 17, 2019, 11:10 AM IST

ABOUT THE AUTHOR

...view details