অসম

assam

ETV Bharat / state

Fake journalist: কলগাছিয়াত ছিণ্ডিকেটত জড়িত ভুৱা সাংবাদিকৰ গুণ্ডাগিৰি - সাংবাদিকক আক্ৰমণ

বামুণটাৰীত ছিণ্ডিকেটত জড়িত ভুৱা সাংবাদিকৰ গুণ্ডাগিৰি ৷ ছিণ্ডিকেটৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ গুণ্ডা বাহিনীৰ ৷

Miscreants attack journalist in Kalgachia
ছিণ্ডিকেটত জড়িত ভুৱা সাংবাদিকৰ গুণ্ডাগিৰি

By

Published : Jul 30, 2023, 11:58 AM IST

বামুণটাৰীত ভুৱা সাংবাদিকৰ গুণ্ডাগিৰি

জনিয়া, 30 জুলাই : কলগাছিয়াৰ বামুণটাৰীত ছিণ্ডিকেটত জড়িত ভুৱা সাংবাদিকৰ গুণ্ডাগিৰি ৷ প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰা পথেৰে ধনৰ বিনিময়ত গাড়ী পাৰ কৰোৱা দৃশ্য সংগ্ৰহ কৰাৰ সময়তে সাংবাদিকক অতৰ্কিতে আক্ৰমণ কৰে গুণ্ডাবাহিনীয়ে ৷

অভিযোগ অনুসৰি আলতাফ হুছেইন নামৰ এটা বালি মাফিয়াই দীৰ্ঘদিনৰ পৰাই নিউজ পৰ্টেল খুলি এই পুলিচ চেক পইন্টত ভুৱা সাংবাদিক, গুণ্ডা মাইন উদ্দিন আৰু ছফিকুল ইছলামৰ জড়িয়তে চলাই আছিল ছিণ্ডিকেট ৷ এই ছিণ্ডিকেটৰ বাতৰি সংগ্ৰহ কৰাৰ সময়তে ভুৱা সাংবাদিকৰূপী গুণ্ডাৰ দলে কলগাছিয়াৰ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰে ৷ গুণ্ডাবাহিনীৰ আক্ৰমণত আহত কলগাছিয়াৰ তিনি সাংবাদিক ৷

উল্লেখ্য যে, বেঁকী নৈত মাফিয়া আলতাফ হুছেইনে চলোৱা অবৈধ বালি খননৰ বাবেই শওঁপুৰৰ কৰাৰকুৰত চলি আছিল ব্যাপক গৰাখহনীয়া ৷ এই অবৈধ বালি খননৰ বাতৰি কলগাছিয়াৰ সাংবাদিকে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰাত বালি খনন বন্ধ হৈ পৰে ৷ বালি খনন বন্ধ হোৱাৰ পিছতেই আলতাফ হুছেইনে দিকবিদিক হেৰুৱাই নিউজ পৰ্টেল খুলি কলগাছিয়াৰ সাংবাদিকৰ ওপৰত ক্ষুন্ন হৈ ভুৱা সাংবাদিকৰূপী গুণ্ডা মাইন উদ্দিনৰ জড়িয়তে বিভিন্ন সময়ত ভাবুকি তথা সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ৷

ইফালে দীৰ্ঘ দিন ধৰি বৰপেটা জিলা প্ৰশাসনে ২ নং বিকল্প ৰাজ্যিক ঘাই পথেৰে গধুৰ যান-বাহন চলাচল বন্ধ কৰিছিল ৷ কিন্তু, বিভাগীয় নিৰ্দেশনাক কেৰেপ নকৰি একাংশ পহৰা আৰক্ষীক মেনেজ কৰি আলতাফ হুছেইন নামৰ বালি মাফিয়াজনে মাইন উদ্দিনৰ জড়িয়তে চলাই আছিল এক বৃহৎ ছিণ্ডিকেট ৷ এক গোপন খবৰৰ ভিত্তিত কলগাছিয়াৰ এটি সাংবাদিকৰ সজাতি দলে এই ছিণ্ডিকেটৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়ত বামুণটাৰীত থকা তথাকথিত পৰ্টেলটোৰ কাৰ্যালয়ৰ পৰা ভুৱা সাংবাদিকৰূপী গুণ্ডা মাইন উদ্দিনে নিজৰ বাহিনীলৈ নিজৰ কুকৰ্ম ফাদিল হোৱাৰ ভয়ত দৌৰি আহি অতৰ্কিতে আক্ৰমণ কৰে ৷

পৰৱৰ্তী সময়ত ৰাইজৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয় যদিও গুণ্ডা সাংবাদিক মাইন উদ্দিন, শ্বফিকুল ইছলাম, আমিনুল আৰু মজিবৰ ৰহমানে অশ্লীল বাক্যৰে গালি গালাজ কৰাৰ লগতে ভাবুকি প্ৰদান কৰাত পুনৰ হতাহতি হয় ৷ মাইন উদ্দিনৰ গুণ্ডা বাহিনীৰ আক্ৰমণত ভিডিঅ’ সংগ্ৰহ কৰি থকা ব্যক্তিগত চেটেলাইত চেনেলৰ কলগাছিয়াৰ সাংবাদিক মোজাম্মেল হুছেইন, আন এজন সাংবাদিক মজিবৰ ৰহমান আৰু সাংবাদিক আব্দুল ছামাদ আলী আহত হোৱাৰ লগতে হেলজেন লাইট আৰু মোবাইল ফোন ভাঙি দিয়ে ৷

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে কলগাছিয়াৰ সাংবাদিকে মাইন উদ্দিন, শ্বফিকুল ইছলাম, আমিনুল ইছলাম আৰু মজিবৰ ৰহমানৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Tens situation in Nalbari: চিকিৎসকৰ অজ্ঞাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিলে শিশুৰ চিকিৎসা

ABOUT THE AUTHOR

...view details