বৰপেটা, 29 চেপ্তেম্বৰ :পৌৰকৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ বাবে ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত চৰকাৰীকৰণ বিধেয়ক ২০১৪ বিধানসভাত উত্থাপন কৰি আজি পর্যন্ত চৰকাৰে গৃহীত নকৰাত ক্ষুব্ধ হৈ পৰে পৌৰ কৰ্মচাৰী সকল। ইফালে ৰাজ্যখনৰ পৌৰ কৰ্মচাৰীসকলৰ তিনি মাহৰ পৰা ২৭ মাহ পৰ্যন্ত মাহিলী দৰমহা পাবলৈ বাকী আছে ৷
চতুর্থ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰামর্শমতে ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ কেবিনেট সভাই অনুমোদন কৰা পৌৰ সভাৰ সুনির্দিষ্ট কর্মচাৰীৰ গাঠনিৰ চৰকাৰী অধিসূচনা আজিও জাৰি কৰা নাই। তদুপৰি পৌৰসভা সমূহত কৰ্মৰত হৰিজন আৰু চাফাই কৰ্মচাৰী সকলৰ লগতে ফিক্স পে’ আৰু ঠিকা ভিত্তিত নিয়ােজিত কর্মচাৰী সকলক চতুর্থ অসম ৰাজ্যিক বিত্তীয় আয়ােগৰ পৰামর্শমতে কেবিনেট সভাই গ্ৰহণ কৰা সুনির্দিষ্ট কৰ্মচাৰীৰ গাথনিৰ নির্ধাৰিত পদত চাকৰি নিয়মীয়াকৰণ হােৱা নাই। পৌৰসভা সমূহত এতিয়াও নতুনকৈ নিযুক্তি হৈ আছে। এইবােৰ বন্ধ কৰাৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই অহা হৈছে যদিও একো ফল ধৰা নাই ।