অসম

assam

ETV Bharat / state

বৰপেটাৰ মাঘ বিহু মেলাৰ নামত অশ্লীল নৃত্যঃ এজনক আটক

বৰপেটাৰ জনীয়াৰ মেধিৰতাৰীত অনুষ্ঠিত মাঘ বিহু মেলাত অশ্লীল নৃত্য পৰিৱেশনৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে বৰপেটা আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ অভিযোগত এজন লোকক আটক কৰিছে ৷

By

Published : Jan 19, 2021, 3:12 PM IST

Updated : Jan 19, 2021, 3:29 PM IST

medhirttari_bihu_mela
বৰপেটাৰ মাঘ বিহু মেলাৰ নামত অশ্লীল নৃত্যঃ এজনক আটক

বৰপেটা, ১৯ জানুৱাৰী : বৰপেটাৰ জনীয়াৰ মেধিৰতাৰীত অনুষ্ঠিত মাঘ বিহু মেলাৰ ঘটনাই লৈছে অন্য ৰূপ । মেলাৰ নামত অশ্লীল নৃত্য পৰিৱেশনৰ সৈতে জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰে শ্বাহনুৰ আলম নামৰ যুৱকজনক ৷ চাহনুৰ আলম নামৰ যুৱকজনক অশ্লীল নৃত্য পৰিবেশন কৰা দলটোৰ মুল অভিযুক্ত হিচাপে চিনাক্ত হৈছে ৷

জনীয়াৰ মেধিৰট্টাৰীত মাঘ বিহু অনুষ্ঠিত কৰাৰ নামত অশ্লীল নৃত্যৰ পোহাৰ মেলা বিষয়টোক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য কৰি ১৭ জানুৱাৰীত বৰপেটা জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছিল মেলাৰ অনুমতি । আনহাতে উক্ত ঘটনাক লৈ আয়োজক সমিতিৰ হৈ আব্দুল মতলেবে বৰপেটা সদৰ আৰক্ষীক দাখিল কৰিছিল এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতেই বৰপেটা আৰক্ষীয়ে তদন্ত চলাই শ্বাহনুৰ আলমক আটক কৰে ৷

বৰপেটাৰ মাঘ বিহু মেলাৰ নামত অশ্লীল নৃত্যঃ এজনক আটক
উল্লেখ্য যে, ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৪৪ সংখ্যক মেধিৰতাৰী মাঘ বিহু মেলা । ১৮ জানুৱাৰীলৈ এই মেলা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও মেলাৰ অনুষ্ঠানত কেইবাগৰাকীও যুৱতীয়ে মঞ্চত অশ্লীল নৃত্য প্ৰদৰ্শন কৰিছিল ৷

লগতে পঢ়ক : আমগুৰিৰ এখন চৰকাৰী চিকিৎসালয়ৰ পয়ালগা ছবি

Last Updated : Jan 19, 2021, 3:29 PM IST

ABOUT THE AUTHOR

...view details