কলগাছিয়া, 24 আগষ্ট :COVID-19 ৰ সমান্তৰালভাৱে ৰাজ্যত এক প্ৰকাৰৰ তাণ্ডৱ সৃষ্টি কৰিছে বান-খহনীয়াই ৷ ইতিমধ্যে, অসমৰ প্ৰায়সমূহ জিলা বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে ৷ বহু লোকৰ ঘৰ-মাটি নদীৰ বুকুত জাহ গৈ সৰ্বহাৰা হৈছে ৷
ৰাজ্যৰ অন্য জিলাৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো বান আৰু গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত হৈ যোৱা বানৰ ফলত কৃষি ভূমি বিনষ্ট হোৱা পৰিলক্ষিত হৈছে ৷
কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি কলগাছিয়াত কৃষকৰ চৰকাৰলৈ আহ্বান দেওবাৰে বানত বিধস্ত হোৱা কৃষকে খেতি পথাৰৰ ক্ষতিপূৰণৰ বাবে চৰকাৰক দাবী জনাইছে ৷ লগতে, কলগাছিয়াৰ পৰা টেঙাগাঁৱলৈ যোৱা গড়কাপ্তানি পথটো খহনীয়াত ভাঙি বিপদজনক হৈ পৰাত যিকোনো মূহুৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হৈছে ৷ ফলত শীঘ্ৰে পথটো মেৰামতি কৰি ৰাইজকমৰণফান্দৰ পৰা বচাবলৈ দাবী জনাইছে ৰাইজে৷
কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি কলগাছিয়াত কৃষকৰ চৰকাৰলৈ আহ্বান লগতে পঢ়ক : আগন্তক নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতাকৰ্মী সাজু হোৱাৰ সময়ঃ তুলিৰাম ৰংহাঙ