বৰপেটা, 30 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অনতিপলমে কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷
বৃহস্পতিবাৰে পুনৰ জিলাখনৰ সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সদস্য সকলে অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ বৰপেটা জিলা সমিতিৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷