অসম

assam

ETV Bharat / state

Irregularities and Corruption in Govt scheme:অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম, বঞ্চিত হিতাধিকাৰী - kalgachia

কলগাছিয়াৰ ৮২ নং জনতা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ । পঞ্চায়তৰ মধ্যবিত্ত, সম্ৰান্ত পৰিয়ালৰ লগতে দলীয় কৰ্মীক প্ৰাধান্য । বঞ্চিত হিতাধিকাৰীৰ আক্ষেপ । তদন্তমৰ্মে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগীৰ ।

irregularities and Corruption in arunodoi scheme
অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম

By

Published : Jul 8, 2023, 5:40 PM IST

অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম

জনিয়া, 8 জুলাই : মন্দিয়া উন্নয়ন খণ্ডৰ পঞ্চায়তে পঞ্চায়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে । ৮২ নং জনতা গাঁও পঞ্চায়তত একাংশ দিব্যাংগ তথা বিধৱা হিতাধিকাৰীৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল পঞ্চায়তৰ মধ্যবিত্ত, সম্ৰান্ত পৰিয়ালৰ লগতে দলীয় কৰ্মীৰ নাম । যাৰ বাবে বঞ্চিত হিতাধিকাৰীসকল এতিয়া ক্ষোভত ফাটি পৰিছে ।

কেৱল এয়াই নহয় সভাপতিয়ে নিজ দলৰ কৰ্মীৰ সহায়ত প্ৰস্তুত কৰা এই তালিকাত মধ্যবিত্ত, সম্ৰান্ত পৰিয়ালৰ লগতে, চাকৰিয়াল, ধনী লোক, চাৰিচকীয়া বাহন আৰু পকীঘৰ থকা হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ নতুন তালিকাত অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়তৰ খণ্ডৰ সদস্য-সদস্যাই প্ৰস্তুত কৰা তালিকা কৰ্তন কৰি কেনেকৈ অৰুণোদয় আঁচনিৰ তালিকাত নাম সোমাইছে নিজৰ পচন্দৰ ব্যক্তিৰ এই কথাই চিন্তিত কৰি তুলিছে ভুক্তভোগী ৰাইজক ৷ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ তুলি ভুক্তভোগী ৰাইজ এতিয়া প্ৰতিবাদৰ বাবে আগবাঢ়ি আহিছে ।

৮২ নং জনতা গাঁও পঞ্চায়তত উপস্থিত হৈ নতুন তালিকা পৰীক্ষণৰ সময়ত প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হোৱাৰ কথা প্ৰত্যক্ষ কৰি উত্তেজিত হৈ পৰে সাধাৰণ জনতা ৷ ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগীয়ে ৷ বিকলাংগ, বিধৱাৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট নকৰাত পঞ্চায়তটোৰ একাংশ বঞ্চিত উত্তেজিত পৰিয়ালে অৰুণোদয়ৰ বৰ্তমানৰ তালিকা কৰ্তন কৰি পুনৰ তালিকা প্ৰস্তুত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে ৷ বঞ্চিত ৰাইজে তালিকা প্ৰস্তুতৰ সমান্তৰালকৈ তদন্তমৰ্মে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ।

লগতে পঢ়ক :Beki River Erosion:কলগাছিয়াত বেঁকী নৈয়ে টোপনি কাঢ়িছে ৰাইজৰ

ABOUT THE AUTHOR

...view details