অসম

assam

ETV Bharat / state

বৰপেটাত বিষ্ণুৰাভাৰ আৱক্ষ মূৰ্তিত মাস্ক !

বৰপেটা জিলাত হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন কন্টিয়ে বিষ্ণুৰাভাৰ আৱক্ষ মূৰ্তিত পৰিধান কৰালে মাস্ক ৷ জিলাবাসীৰ মাজত কৰ'ণা ভাইৰাছৰ সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷

By

Published : Sep 3, 2020, 12:45 PM IST

mask in bishnu rabha's statue
বৰপেটাত বিষ্ণুৰাভাৰ আৱক্ষমূৰ্তিত মাস্ক!

বৰপেটা, 3ছেপ্টেম্বৰ: ৰাজ্য়ত ইতিমধ্যে 1 লাখ অতিক্ৰম কৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই ৷ কৰ'ণাৰ ভয়াৱহতা ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাৰ ওপৰত দিছে বিশেষ গুৰুত্ব ৷ বুধবাৰে বৰপেটা জিলাৰ বিষ্ণুৰাভাৰ আৱক্ষমূৰ্তিত মাস্ক পৰিধান কৰে জিলাখনৰ সক্ৰিয় সাংস্কৃতিক কৰ্মী, সত্ৰীয়া আৰু হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন কন্টিয়ে ৷ জিলাবাসীৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷ কৰ'ণাৰ এই ভয়াৱহতাৰ পৰা সমাজখনক ৰক্ষা কৰা আৰু শুভ পথৰ সন্ধানৰ বাবে সাংস্কৃতিক কৰ্মীগৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

বৰপেটাত বিষ্ণুৰাভাৰ আৱক্ষমূৰ্তিত মাস্ক!

উল্লেখ্য যে, প্ৰায় 3 বছৰ পূৰ্বে কলাগুৰু বিষ্ণুৰাভাৰ জন্মবাৰ্ষিকীত এই আৱক্ষ মূৰ্তিটো উন্মোচন কৰিছিল জুবিন গাৰ্গে ৷

অন্য এক খবৰৰ বাবে:শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত আমৰণ অনশনৰ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details