বৰপেটাৰোড,27 মে’ : বৰপেটাৰোডত বৃহস্পতিবাৰে এটা নৱ দম্পতীয়ে চিপজৰী লৈ একেলগে আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আত্মহত্যা কৰা নৱ দম্পতীটো ছানিদুল ইছলাম (20) আৰু উৰ্মিলা খাতুন (18) বুলি জানিব পৰা গৈছে ৷
পৰিয়ালৰ লোকে জনোৱা মতে, দুমাহ পূৰ্বে বৰপেটাৰোডৰ উত্তৰ আঠিয়াবাৰী নিৱাসী ছানিদুল ইছলামে সৰভোগৰ পোৰাগাঁৱৰ জীয়ৰী উৰ্মিলা খাতুনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ নৱ দম্পতীটোৱে বৃহস্পতিবাৰে বহু দেৰিলৈকে টোপনিৰ পৰা উঠি নহাত পৰিয়ালৰ লোকে দুৱাৰত টোকৰ মাৰে ৷ কিন্তু, ঘৰৰ ভিতৰত কোনো শব্দ নোপোৱাত বেৰৰ ফাকেৰে দুয়োকে একেলগে চিপজৰী লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ লগে লগে ঘৰখনত হুৱাদুৱাৰ সৃষ্টি হয় ৷