বৰপেটা, 11 অক্টোবৰঃ দেশজুৰি পালন কৰা হৈছে মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী ৷ মহাত্মা গান্ধীৰ আদৰ্শৰে স্থাপন কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ সমূহতো মহামানৱ গৰাকীক অতি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শুকুৰবাৰে বৰপেটাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ প্ৰতিমূৰ্তি উন্মোচনৰ লগতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠানৰো আয়োজন কৰা হয় ।
হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন - নিৰদা দেৱী
হাত্মা গান্ধীৰ আদৰ্শৰে স্থাপন কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ সমূহতো মহামানৱ গৰাকীক অতি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শুকুৰবাৰে বৰপেটাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷
উল্লেখ্য যে, বিগত দুই অক্টোবৰৰ পৰা হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত গান্ধীজয়ন্তী উপলক্ষে পালন কৰা অনুষ্ঠাৰ শুকুৰবাৰে সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচণ কৰে ৰাজ্যিক শিক্ষা গবেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালিকা ড0 নিৰদা দেৱীয়ে । সঞ্চালিকা গৰাকীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি গান্ধীৰ আদৰ্শেৰে ছাত্ৰ-ছাত্ৰীক আগবাঢ়ি যাবলৈ আহ্বান জনায় ।
আনহাতে, যি সমূহ প্ৰশিক্ষণ কেন্দ্ৰই অসম টেটৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা জালিয়াতি কৰি ধনলৈ ২০১৭ চনৰ আগত নামভৰ্তি হোৱা বুলি ৰচিদ প্ৰদান কৰিছে সেই সমূহ অনুষ্ঠানৰ বিৰুদ্ধে প্ৰত্যেকখন জিলাতে তদন্ত আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে সঞ্চালক গৰাকীয়ে ।