অসম

assam

ETV Bharat / state

বজালী মহাবিদ্যালয়ৰ মুখপত্ৰ 'বজালীয়ান' উন্মোচন

বিশ্ববিদ্যালয়লৈ উন্নীত হ'লেও "বজালীয়ান" হৈয়ে থাকিব বজালী মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ নাম ৷ এই মন্তব্য বিশ্ববিদ্যালয়খনৰ নৱনিযুক্ত উপাচাৰ্য্য ডঃ বিৰিঞ্চি কুমাৰ দাসৰ ৷

By

Published : Jul 2, 2019, 11:08 PM IST

বজালী মহাবিদ্যালয়ৰ মুখপত্ৰ 'বজালীয়ান' উন্মোচন

বজালী, 2 জুলাই : নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয় এতিয়া পৰিণত হৈছে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৷ মঙলবাৰে বিশ্ববিদ্যালয় প্ৰাংগনত মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'বজালীয়ান' উন্মোচন কৰি বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ডঃ বিৰিঞ্চি কুমাৰ দাসৰ ঘোষণা, বজালী মহাবিদ্যালয় বিশ্ববিদ্যালয় হ'লেও বাৰ্ষিক আলোচনীৰ নাম ভৱিষ্যতেও থাকিব "বজালীয়ান" হিচাপেই ৷ আনহাতে অতি শীঘ্ৰেই বজালী মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ নাম ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে নৱনিযুক্ত উপাচাৰ্যগৰাকীয়ে ৷

বজালী মহাবিদ্যালয়ৰ মুখপত্ৰ 'বজালীয়ান' উন্মোচন

ABOUT THE AUTHOR

...view details