অসম

assam

By

Published : Oct 19, 2020, 12:10 PM IST

ETV Bharat / state

বৰপেটাত পবিত্ৰ কাতি মহীয়া নাম আৰম্ভ

সত্ৰনগৰী বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত দেওবাৰে কাতি মাহৰ প্ৰথম দিনটোত অনুষ্ঠিত হয় কাতিমহীয়া নাম-প্ৰসংগ ৷ সত্ৰখনৰ দক্ষিণহাটীৰ ৰাইজে এই নাম-প্ৰসংগত অংশগ্ৰহণ কৰে ৷

Kati mohiya naam at sundaridiya satra barpeta assam etv bharat news
কাতি মহীয়া নাম আৰম্ভ

বৰপেটা,19 অক্টোবৰ: দেওবাৰৰ পৰা আৰম্ভ হৈছে অন্যতম পবিত্ৰ মাহ কাতি মাহ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি কাতি মাহৰ প্ৰথমটো দিনৰ পৰাই সুন্দৰীদিয়া সত্ৰত দক্ষিণহাটীৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে বীৰনাম ৷ বীৰনাম উপলক্ষে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক নামৰ ঘোষা গাই গাই আদৰি আনে সত্ৰবাসী ৰাইজে ৷ ইয়াৰ পিছতেই সত্ৰৰ সন্মুখত অনুষ্ঠিত কৰা হয় কাতিমহীয়া বীৰনাম ৷

কাতি মহীয়া নাম আৰম্ভ

বৰপেটাৰ সত্ৰীয়া সংস্কৃতিত ভাদ মাহৰ দৰেই কাতি মাহকো পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় ৷ মাহটোৰ প্ৰতিটো দিনতে সমগ্ৰ বৰপেটা জিলাৰ প্ৰতিখন গাঁৱতেই এইদৰে ৰাজহুৱা অথবা প্ৰতিটো পৰিয়ালৰ লোকে তুলসী তলত অনুষ্ঠিত কৰে নাম-প্ৰসংগ ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ মতে, কাতি মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই মাধৱদেৱক লাভ কৰিবৰ বাবে ধোৱাহাট-বেলগুৰি সত্ৰত পালনাম অনুষ্ঠিত কৰিছিল ৷ গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অনুসৰিয়েই কাতি মাহটোত বৰপেটা সত্ৰকে মুখ্য কৰি জিলাখনত পূৰ্ব পৰম্পৰা অনুসৰি কাতিমহীয়া নাম অনুষ্ঠিত হৈ অহা বুলি প্ৰকাশ কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷

লগতে চাওকঃকঠিয়াতলীত বিদ্যুত বিভাগৰ কাৰ্যালয়ত উত্তেজনা

ABOUT THE AUTHOR

...view details