বৰপেটা,1 এপ্ৰিল:প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পাচতে ৰাজ্যত ক্ৰমাত গৰম হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী বতাহ ৷ 6 এপ্ৰিলত সৰুক্ষেত্ৰীত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে বোকা চটিওৱা ৰাজনীতিৰ এক তুমুল ৰণ ৷ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰীৰ মাজমজিয়াত এআইইউডিএফ দলৰ কাৰ্যালয় স্থাপন কৰাক লৈ সৰৱ হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী ।
আইএমডিটি আইনৰ ফলত সৃষ্টি হোৱা এআইইউডিএফ দলৰ বিচাৰধাৰাক জাতিদ্ৰোহী আখ্যা দিয়াৰ লগতে যিসকল অসমীয়াই সৰ্থেবাৰীত এআইইউডিএফ দলৰ কাৰ্যালয় স্থাপন কৰিছে, তেওঁলোককো জাতিদ্ৰোহী আখ্যা দিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে । কোনে পইচা লৈ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ মিনাক্ষীক সহায় কৰিব বিচাৰিছে, সেই তথ্য কল্পনা পাটোৱাৰীৰ হাতত থকা বুলিও বিস্ফোৰক মন্তব্য কৰে ৷