অসম

assam

ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবীত কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদ - অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে কলগাছিয়াতো সাব্যস্ত কৰে প্ৰতিবাদ

পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে কলগাছিয়াতো সাব্যস্ত কৰে প্ৰতিবাদ । ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ বুথৰ প্ৰশিক্ষক ৰাজেন্দ্ৰ শুক্লাৰ তীব্ৰ কটাক্ষ শাসনাধীন চৰকাৰক ।

কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদ
কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Feb 22, 2021, 3:13 PM IST

জনীয়া, ২২ ফেব্ৰুৱাৰী: ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে সোমবাৰে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপসী ব্লক কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে কলগাছিয়াতো পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

কলগাছিয়াৰ পেট্ৰল পাম্পৰ সন্মুখত কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ বুথৰ প্ৰশিক্ষক ৰাজেন্দ্ৰ শুক্লাই অংশগ্ৰহণ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

পেট্ৰ'ল, ডিজেলৰ মূল্য চৰকাৰে হ্ৰাস নকৰিলে আন্দোলন আৰু তীব্ৰতৰ কৰা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে ৰাজেন্দ্ৰ শুক্লাই । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী অসম আগমনৰ দিনাই যোৰহাটত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details