অসম

assam

By

Published : Nov 4, 2022, 2:04 PM IST

ETV Bharat / state

Fake Examinee at Kalgachia : কলগাছিয়াত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

কলগাছিয়াৰ আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে (Fake Examinee at Kalgachia)৷ শুকুৰবাৰে বিদ্যালয়খনত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে চক্ৰ বিষয়াৰ লগতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷

Fake Examinee at Kalgachia
কলগাছিয়াৰ ভুৱা পৰীক্ষাৰ্থী ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

জনীয়া, 4 নৱেম্বৰ: কলগাছিয়াৰ আল আমিন কে ডি এম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে(Fake Examinee at Kalgachia)৷ শুকুৰবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু কলগাছিয়া আৰক্ষী থানাৰ(Kalgachia Police Station) আৰক্ষী বিষয়া বিদ্যালয়খনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

বিদ্যালয়খনত(Al Ameen Kalu DM school) উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াই(Kalgachia circle officer) তদন্তৰ শেষত দোষীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে । উল্লেখ্য যে, যোৱা 1 নৱেম্বৰত আল আমিন কে ডি এম ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত চলি আছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ অসম ৰাজ্যিক মুকলি বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা ।

উক্ত দিনা গোপন সূত্ৰৰ জৰিয়তে পৰীক্ষা কেন্দ্ৰটোত ভুৱা পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা বুলি জানিব পাৰি সাংবাদিকৰ এটা দলে উক্ত কেন্দ্ৰটোৰ সন্মুখত উপস্থিত হোৱাৰ পিছতেই ভুৱা পৰীক্ষাৰ্থীসকলে খিৰিকীৰে পলায়ন কৰে ৷

কলগাছিয়াৰ ভুৱা পৰীক্ষাৰ্থী ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

খিৰিকীৰে ভুৱা পৰীক্ষাৰ্থী পলায়নৰ দৃশ্য সাংবাদিকে সংগ্ৰহ কৰি থকাৰ সময়তে পৰীক্ষা কেন্দ্ৰটোৰ বিদ্যালয়খনৰ উচ্চ বৰ্গৰ সহায়ক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কুঠাৰ লৈ সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় (Attempt to attack journalist at Kalgachia)। পৰৱৰ্তী সময়ত সাংবাদিকৰ তৎপৰতাত এজন ভুৱা পৰীক্ষাৰ্থীক আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়াৰ লগতে উক্ত ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

ভুৱা পৰীক্ষাৰ্থীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাৰ সমগ্ৰ দৃশ্য সংবাদ মাধ্যমত সম্প্ৰচাৰৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতে শুকুৰবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াই উক্ত পৰীক্ষা কেন্দ্ৰটোত চৰজমিন তদন্তৰ বাবে উপস্থিত হৈ দুয়োপক্ষৰ মন্তব্য গ্ৰহণ কৰে । ইয়াৰ লগতে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে উচিত ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক :journalist attacked in Kalgachia: ভুৱা পৰীক্ষাৰ্থী ধৰা পেলোৱাৰ বাবেই সাংবাদিকক আক্ৰমণৰ লক্ষ্য শিক্ষক-কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details